নিউজ ডেস্ক– ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে বুধবাৰে গ্ৰহণ কৰিলে কৰোনা ভাইৰাছৰ ভেকচিন। দিল্লীৰ আৰ এণ্ড আৰ হস্পিতালত ল’লে কৰোনা ভেকচিনৰ প্ৰথমটো ড’জ।

ৰাষ্ট্ৰপতি ভৱনৰ ফালৰ পৰা ৰাষ্ট্ৰপতিগৰাকীয়ে ভেকচিন গ্ৰহণ কৰাৰ কথা টুইটাৰ যোগে অৱগত কৰে। ভেকচিন গ্ৰহণ কৰাৰ সময়ত ৰাষ্ট্ৰপতিগৰাকীৰ লগত তেওঁৰ জীয়ৰীয়ো আহিছিল।

এই টিকাকৰণ অভিযান সফলভাৱে সম্পন্ন কৰি তোলাৰ বাবে সকলো চিকিৎসক, নাৰ্ছ, স্বাস্থ্যকৰ্মীৰ লগতে প্ৰশাসনকো ধন্যবাদ জ্ঞাপন কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে।  উল্লেখ্য যে, দেশত বৰ্তমান দ্বিতীয় পৰ্যায়ৰ ভেকচিন প্ৰদান প্ৰক্ৰিয়া অব্যাহত আছে। ১মাৰ্চৰ পৰা দেশত ৬০বছৰৰ ঊৰ্দ্ধৰ বয়োজ্যেষ্ঠ লোকসকলক গুৰুতৰ ৰোগত ভুগি থকা ৪৫বছৰৰ ঊৰ্দ্ধৰ লোকসকলক টিকাকৰণ প্ৰদান কৰি থকা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply