নিউজ ডেস্ক: সন্ধ্যা দেবনাথনক Meta-এ ভাৰতৰ নতুন মূৰব্বী হিচাপে নিযুক্তি দিছে। ইয়াৰ পূৰ্বে দেবনাথন Meta-ৰ এছিয়া পেচিফিক ৰিজিয়ন (গেমিং)ৰ উপ সভাপতিৰ দায়িত্বত আছিল।

সন্ধ্যা দেবনাথনৰ বিষয়ে –

২০০০ চনত দিল্লী বিশ্ববিদ্যালয়ৰ ফেকাল্টি অৱ মেনেজমেন্ট ষ্টাডিজৰ পৰা এম বি এৰ শিক্ষাগ্ৰহণ কৰা সন্ধ্যাৰ বেঙ্কিং, বিত্তীয় আৰু প্ৰযুক্তি খণ্ডত ২২ বছৰৰ কামৰ অভিজ্ঞতা আছে।

সন্ধ্যা দেবনাথনে ২০১৬ চনত Meta (সেই সময়ৰ ফেচবুক)-ত যোগদান কৰিছিল আৰু ছিংগাপুৰ আৰু ভিয়েটনামত মেটাৰ ব্যৱসায়িক কাৰ্যকলাপৰ সহযোগিতা আৰু দক্ষিণ-পূব এছিয়াত মেটাৰ ই-কমাৰ্চ উদ্যোগকলৈ কাম কৰিছে।

২০২০ চনত তেওঁ Meta-ৰ এছিয়া পেচিফিক ৰিজিয়ন (গেমিং)-ৰ উপ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে।

Meta-ত যোগদান কৰাৰ পূৰ্বে তেওঁ ক্ৰমে Citigroup, আৰু Standard Chartered –ৰ সৈতে কাম কৰিছিল।

লগতে পঢ়ক – সন্ত্ৰাসবাদ বিশ্বৰ শান্তি আৰু সুৰক্ষাৰ বাবে ডাঙৰ সমস্যা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply