নিউজ ডেস্ক : গুজৰাটৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলে বিজয় ৰূপানীয়ে। শনিবাৰে গুজৰাটৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে বিজয় ৰূপানীয়ে। ৰাজ্যপালৰ হাতত পদত্যাগ পত্ৰ অৰ্পন কৰি বিজয় ৰূপানীয়ে তেওঁক গুজৰাটৰ বিকাশৰ বাবে মুখ্যমন্ত্ৰীৰ দ্বায়িত্ব প্ৰদান কৰাৰ বাবে বিজেপিৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে।

বিজয় ৰূপানীয়ে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰি গান্ধী নগৰত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে গুজৰাটক আগুৱাই নিয়াৰ কাম কৰাৰ সুযোগ লাভ কৰিছোঁ। বিজয় ৰূপানীয়ে সাংবাদিকক কয় যে গুজৰাটৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি এতিয়া মই দলৰ বাবে অধিক শক্তিৰে কাম কৰি যাম।

লগতে পঢ়ক : ব্ৰহ্মপুত্ৰ নদীৰ তলেৰে নিৰ্মাণ হ’ব দুইলেনযুক্ত সুৰংগ পথ

বিজয় ৰূপানীয়ে কয় যে দলে এতিয়া মোক যিটো দায়িত্ব দিব সেইটো দ্বিতীয় পালন কৰি যাম। প্ৰধানমন্ত্ৰী আৰু দলৰ ৰাষ্ট্ৰীয় সভাপতিৰ নেতৃত্বত কাম কৰি যোৱাৰ কথাও উল্লেখ কৰে বিজয় ৰূপানীয়ে। ৰাজ্যপালৰ হাতত পত্যাপত্ৰ অৰ্পন কৰি বিজয় ৰূপানীয়ে গুজৰাটৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে।

বিজয় ৰূপানীৰ উত্তৰসূৰী হ’ব উপ-মুখ্যমন্ত্ৰী নীতিন পেটেল । ২০২২বৰ্ষত গুজৰাটত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply