ৰঙিয়া : ৰঙিয়াত ভয়াবহ পথ দুর্ঘটনা। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এই ভয়াবহ পথ দুৰ্ঘটনাত নিহত হৈছে এজন লোক। নিহত লোকজন বিহু কমিটীৰ সদস্য আছিল।

বিহুৰ আনন্দৰ মাজতে শনিবাৰে পুৱাৰ ভাগত কামৰূপ জিলাৰ ৰঙিয়াৰ মৰাণজানাত সংঘটিত হয় এক ভয়াবহ পত্ৰ দুর্ঘটনা। পথ দুর্ঘটনাটোত এজন লোক থিতাতে নিহত হয়। নিহত লোকজনৰ নাম ডিম্বেশ্বৰ কলিতা বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক – মণিপুৰত ৬ মন্ত্ৰীৰ শপতগ্ৰহণঃ ৫জন বিজেপিৰ আৰু এজন এনপিএফৰ

হাহাৰা নিবাসী ডিম্বেশ্বৰ কলিতা পূৱপাৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ এজন সদস্য আছিল। পুৱাৰ ভাগত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত লোকজনক গুৱাহাটী অভিমুখী পিবি-১১-চিএফ-৫৬২৪ নম্বৰৰ এখন ট্ৰাকে মহতিয়াই নিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply