বিজেপিয়ে বহিষ্কাৰ কৰিলে আৰু ৭ জনক

নিউজ ডেস্ক: অসম বিধানসভাৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী তথা দলীয় সিদ্ধান্ত বিৰুদ্ধে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা আৰু ৭গৰাকী বিজেপি নেতাক দলৰ প্ৰাথমিক সদস্যৰ পৰা ছবছৰৰ বাবে বহিস্কাৰ কৰা হৈছে।

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ দলৰ প্ৰাথমিক সদস্যৰ পৰা বহিস্কাৰ কৰিছে এই কেইজনক। ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক ৰাজদীপ ৰয় স্বাক্ষৰিত এক জাননী যোগে বহিষ্কাৰ কৰাৰ কথা ঘোষণা কৰিছে।

দলৰ প্ৰাথমিক সদস্যৰ পৰা বহিস্কৃত ৭গৰাকী সদস্য হৈছে ক্ৰমে দীপক ৰাভা (দুধনৈ), শৈলেন কলিতা (দিছপুৰ), শান্তনু কলিতা (বৰক্ষেত্ৰী), জ্যোতিৰ্ময় শৰ্মা (ধৰ্মপুৰ), মোবাৰক হুছেইন (ধুবুৰী), বলেশ্বৰ ৰংপি (পশ্চিম গুৱাহাটী) আৰু ধৰ্ম নাৰায়ন নাথ( গোৱালপাৰা পূব)। উল্লেখ্য যে দুধনৈ সমষ্টিৰ বিধায়ক দীপক ৰাভাৰ সমষ্টিটোত যথেষ্ট প্ৰভাৱ আৰু ব্যাপক নিৰ্বাচনী প্ৰচাৰে দলীয় প্ৰাৰ্থীক ক্ষতি কৰাৰ সম্ভাবনা আছে ।আনহাতে, ধৰ্মপুৰ সমষ্টিত জ্যোতিৰ্ময় শৰ্মাই পুৰণি বিজেপি কৰ্মী হিচাপে ভোট বিভাজন কৰাৰ সম্ভৱনা আছে।সেইয়ে হ’লে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ জয়ত হেঙাৰ হোৱাৰো সম্ভাবনা দেখা পাইছে ৰাজ্যিক নেতৃত্বই | উল্লেখ্য যে ৰাজ্যিক বিজেপিয়ে কেইদিনমান পূৰ্বে আৰু ১৫ গৰাকী নেতাক দলৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply