গুৱাহাটী : দ্বিতীয় পর্যায়ৰ নির্বাচন প্রচাৰৰ বাবে ৩০ মার্চত পুনৰ অসমলৈ আহিব ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰাণী। ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই ধর্মপুৰ, পূর্ব বিলাসীপাৰা আৰু পশ্চিম গুৱাহাটীৰ ৰাণীত আয়ােজিত হ’বলগীয়া নির্বাচনী প্রচাৰ সভাত উপস্থিত থাকিব।

ধর্মপুৰত অনুষ্ঠিত হ’বলগীয়া সভাত ভাৰতী জনতা প্ৰাৰ্থীৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীক সংগ দিব কেন্দ্রীয় মন্ত্রী তথা ৰাজ্যিক বিজেপিৰ নিবাচনী সহ-প্রভাৰী ড০ জিতেন্দ্র সিঙে। কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰাণী নামনি অসমৰ বৰভােগ, গৌৰীপুৰ, ধুবুৰীত উপস্থিত থাকি নির্বাচনী প্রচাৰ সভাত অংশগ্ৰহণ কৰিব। নির্বাচনী প্রচাৰ সভাৰ অন্তত কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰাণীয়ে ৰাজ্যিক বিজেপিৰ খানাপাৰাস্থিত নিবাচনী সংবাদ কোষৰ কাৰ্যালয়ত এক সংবাদ মেল সম্বােধন কৰিব।

ইফালে মুখ্যমন্ত্রী সর্বানন্দ সােণােৱাল ৩০ মার্চ তাৰিখে নির্বাচনী প্রচাৰৰ বাবে বৰাক ভেলীত উপস্থিত থাকিব। মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাতাবাৰী, কৰিমগঞ্জ, নতুন বজাৰ, শিলচৰ সােণাই, উদাৰবৰ নিবাচনী প্রচাৰ সভাত অংশগ্রহণ কৰিব। নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মা মঙলদৈ পদ যাত্ৰাত অংশগ্রহণ কৰাৰ উপৰিও নলবাৰী, কলাইগাওঁ, মাজবাট, ওদালগুৰি, লামডিং আৰু মাজবাটত উপস্থিত থাকি নির্বাচনী প্রচাৰ চলাব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply