নিউজ ডেস্ক: অসমৰ ভক্তি আন্দোলনৰ অন্যতম পুৰোধা মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনালৈ ভক্তিভৰা প্ৰণিপাত জনাই অসম চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তিৰ বুধবাৰৰ বিশেষ দিনটোতেই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নাৰায়ণপুৰত প্ৰতিষ্ঠিত শ্ৰীশ্ৰীমাধৱদেৱ কলাক্ষেত্ৰ ৰাইজৰ বাবে মুকলি কৰে।

৪৪.৮৬ বিঘাৰ ক্ষেত্ৰ পৰিসৰত ৫৩.৫৬ কোটি টকা ব্যয়েৰে নিৰ্মিত ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ অসমীয়া সমাজ জীৱনৰ ধ্বজাবাহী ক্ষেত্ৰ হৈ উঠাৰ লগতে পৰ্যটনৰ এক অন্যতম কেন্দ্ৰৰূপে গঢ়লৈ উঠাৰ বাবে অসম চৰকাৰে প্ৰয়াস কৰিছে।

শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰত সংগ্রহালয়, অতিথিশালা, ৭০০খন আসন ক্ষমতাসম্পন্ন প্ৰেক্ষাগৃহ, দক্ষিণ হাটীত ভকতগৃহ, নামঘৰ আৰু আতা গৃহ, কাৰ্যালয়, নিৰাপত্তাৰক্ষীৰ কাৰ্যালয়, পশ্চিম হাটীত সংগ্ৰহালয়, চৌহদৰ লগতে জলাশয়ৰ উন্নীতকৰণ, পাৰ্কিঙৰ সু-ব্যৱস্থা, চিচি টিভিৰ জৰিয়তে সুৰক্ষাৰ ব্যৱস্থা, সমগ্ৰ চৌহদত সংগীতৰ ব্যৱস্থা, শিশু উদ্যান, পাণ্ডুলিপি ভৱনৰ উন্নীতকৰণ, জলপান গৃহ, মুকলি প্ৰেক্ষাগৃহ আৰু প্ৰসাধন কক্ষ, কলাকৃষ্টি কেন্দ্র, মণিকূট আৰু সত্ৰাধিকাৰৰ বাসভৱনৰ উন্নীতকৰণ আদিৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

উক্ত অনুস্থানটোত মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰি যে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ভক্তি আন্দোলনৰ ধাৰাৰ ভেটি সুদৃঢ় কৰি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাই অসমৰ সামাজিক, সাংস্কৃতিক আৰু বৌদ্ধিক দিশত আগবঢ়োৱা অনবদ্য অৱদানে অসমৰ জাতীয় জীৱনক এক নতুন মাত্ৰা প্ৰদান কৰিছে।

লগতে তেওঁ কয়, অসম চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তিত শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ ৰাইজৰ বাবে মুকলি কৰিবলৈ পাই যথেষ্ট আনন্দিত হৈছোঁ। অসম চৰকাৰে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ প্ৰথম পৰ্যায়ৰ নিৰ্মাণ কাৰ্য চলিত বৰ্ষত আৰম্ভ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু বিশ্ববিদ্যালয়খনৰ বাবে দুটা পৰ্যায়ত ১৫০ কোটি টকা মুকলি কৰিব।

ইফালে উপস্থিত থকা মন্ত্ৰী অতুল বৰাই কয়, একশৰণ নামধৰ্মৰে আধ্যাত্মিক চৰ্চাৰপৰা আৰম্ভ কৰি অসমীয়া কৃষ্টি-সংস্কৃতি, ভাষা-সাহিত্যলৈকে চিৰনমস্য অৱদান আগবঢ়াই থৈ গৈছে মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱে। তেখেতৰ পৱিত্ৰ স্মৃতিত স্থাপিত এই কলাক্ষেত্ৰৰ প্ৰতিটো কোঠা, প্ৰতিখন চিত্ৰ, প্ৰতিটো ভাস্কৰ্য, প্ৰতিটো সম্পদত প্ৰতিফলিত হ’ব বিশাল অসমীয়া জনজীৱনৰ প্ৰাণস্পন্দন। এই কলাক্ষেত্ৰত অসমীয়াৰ প্ৰতিটো প্ৰজন্মই বিচাৰি পাব নিজৰ গৌৰৱময় অতীত।

ইয়াৰোপৰি সাংসদ পল্লৱলোচন দাসে কয়, মহাপুৰুষ দুগৰাকীৰ মহান আদৰ্শৰে অনুপ্ৰাণিত হৈ আমাৰ বাবে তেখেতসকলে দি থৈ যোৱা অনবদ্য অৱদানসমূহ আমি সযত্নে প্ৰতিপালন আৰু সুৰক্ষিত কৰি ৰাখি, সৰ্বব্যাপি দিপ্তীমান কৰি তুলিব লাগে, এইয়াই অসমবাসী ৰাইজৰ প্ৰতি মোৰ সৰল আহ্বান।

এই কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ লগতে শ্ৰীশ্ৰীবদলা পদ্ম আতা সত্ৰৰ পৰম পূজনীয় ডেকা সত্ৰাধিকাৰ শ্ৰীদীপজ্যোতি মহন্তৰ উপৰি কেইবাখনো সত্ৰৰ পৰম পূজনীয় সত্ৰাধিকাৰ আৰু পদাধিকাৰসকলৰ লগতে অসম চৰকাৰৰ মাননীয় কেবিনেট মন্ত্ৰীদ্বয় অতুল বৰা আৰু বিমল বড়া, মাননীয় সাংসদদ্বয় প্ৰদান বৰুৱা আৰু পল্লৱলোচন দাস, মাননীয় বিধায়কসকল ক্ৰমে নৱ দলে, মানৱ ডেকা আৰু ড° অমিয় কুমাৰ ভূঞাকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

লগতে পঢ়ক- “আয়ুষ্মান অসম-মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনা” আঁচনিৰ আনুষ্ঠানিক শুভাৰম্ভ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply