নিউজ ডেস্ক– শ্ৰী হৰিকোটাৰ পৰা ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ বিজ্ঞানীসকলে আজি জিএছএলভি-এফ১২ উপগ্রহ (ভূ-সমকালীন উপগ্রহ উৎক্ষেপণ বাহন) উৎক্ষেপণ কৰে। তেওঁলোকে কয় এইটো সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ দ্বিতীয় উৎক্ষেপণ পেডৰ পৰা উৎক্ষেপণ কৰা হৈছিল।

জানিব পৰা মতে, মুঠ ৫১.৭ মিটাৰ ওখ জিএছএলভিয়ে ইয়াৰ উৰণত ২,২৩২ কিলোগ্রাম এনভিএছ-০১ নেভিগেচন উপগ্ৰহ কঢ়িয়াই নিছিল। উৎক্ষেপণৰ পিছতেই, ৰকেটটোৱে উপগ্ৰহটো প্ৰায় ২৫১ কিলোমিটাৰ উচ্চতাত ভূ-স্থিৰ স্থানান্তৰ কক্ষপথত স্থাপন কৰিব। ইয়াত এনভিএছ-০১-ত এল ১, এল ৫ আৰু এছ ৰেণ্ড সঁজুলি থাকিব।

উল্লেখ্য যে, এই দ্বিতীয় প্ৰজন্মৰ উপগ্ৰহটোত এটা স্বদেশী ভাৱে বিকশিত ৰুবিডিয়াম পাৰমাণৱিক ঘড়ীও আছে। ইছৰোৱে কয় যে আজিৰ উৎক্ষেপণত এইটো প্ৰথমবাৰৰ বাবে স্বদেশীভাৱে বিকশিত ৰুবিডিয়াম পাৰমাণৱিক ঘড়ী ব্যৱহাৰ কৰা হৈছে।

আনহাতে, বিজ্ঞানীসকলে আগতে তাৰিখ আৰু অৱস্থান নিৰ্ধাৰণ কৰিবলৈ আমদানি কৰা ৰুবিডিয়াম পাৰমাণৱিক ঘড়ী ব্যৱহাৰ কৰিছিল। উপগ্ৰহটোত আহমেদাবাদ-ভিত্তিক মহাকাশ এপ্লিকেচন কেন্দ্ৰৰ দ্বাৰা বিকশিত ৰুবিডিয়াম পাৰমাণৱিক ঘড়ী লগোৱা হৈছে৷
