নিউজ ডেস্কঃ বিৰোধীৰ বৰ্জনৰ মাজত আজি দেশে লাভ কৰিব নতুন সংসদ ভৱন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন সংসদ ভৱনটো উদ্বোধন কৰে। দেশৰ প্ৰায় ২০ টা বিৰোধী দলৰ অনুষ্ঠানটো বৰ্জন কৰাৰ বিপৰীতে ২৫ টা বিৰোধী দলৰ নেতৃত্বয়ে নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিছে।

আজি পুৱা ৭ বাজি ১৫ মিনিটৰ পৰা আৰম্ভ হোৱা উদ্বোধনী অনুষ্ঠানটোত ২ বজালৈ চলিব। বিট্ৰিছে নিৰ্মাণ কৰা সংসদ ভৱনত এতিয়াৰে পৰা কৰা নহয় কোনো আইন প্ৰণয়ন। এক ভাৰত শ্ৰেষ্ঠ ভাৰত দৰ্শন আগত ৰাখি নিৰ্মাণ কৰা নতুন সংসদ ভৱনটোহো এতিয়াৰে পৰা সকলো কাম হোৱাৰ লগতে ভাৰতৰ সকলো আইন প্ৰণয়ন ইয়াৰে পৰাই হ’ব।

নতুন সংসদ ভৱন উদ্বোধনৰ লগত সংগতি ৰাখি এক বিশেষ ৭৫ টকীয়া মুদ্ৰা মুকলি কৰা হ’ব। মুদ্ৰাটোৰ এটা পিঠিত অশোক স্তম্ভৰ সিংহ থাকিব,  লগতে লিখা থাকিব-সত্যমেৱ জয়তে। বাঁওফালে ‘ভাৰত’  শব্দটো দেৱানগৰী লিপিত লিখা থাকিব। সোঁফালে ইংৰাজীত ‘ইণ্ডিয়া বুলি লিখা থাকিব। মুদ্ৰাটোত টকাৰ চিহ্নও থাকিব লগতে ৭৫ লিখা থাকিব। মুদ্ৰাটোৰ আনটো ফালে সংসদ ভৱনৰ এখন ছবি দেখুওৱা হ’ব। মুদ্ৰাটোৰ ওপৰৰ ফালে দেৱনাগৰী লিপিত “সংসদ চানকুল” আৰু তলৰ ফালে ইংৰাজীত “সংসদ কমপ্লেক্স” লিখা থাকিব। মুদ্ৰাটোৰ ওজন প্ৰায় ৩৫ গ্ৰাম য’ত ৫০ শতাংশ ৰূপ, ৪০ শতাংশ কপাৰ, ৫ শতাংশ নিকল আৰু ৫ শতাংশ জিংক ধাতু থাকিব।

মন কৰিবলগীয়া যে, কেন্দ্ৰীয় চৰকাৰে ২০১৯ চনত কেন্দ্ৰীয় ভিষ্টা পুনৰ্বিকাশ প্ৰকল্প আৰম্ভ কৰিছিল। য’ত লোকসভা আৰু ৰাজ্যসভাৰ নতুন সংসদ নিৰ্মাণো অন্তৰ্ভুক্ত আছিল। প্ৰধানমন্ত্ৰী মোদীয়ে ২০২০ চনৰ ডিচেম্বৰত ইয়াৰ আধাৰশিলা স্থাপন কৰিছিল আৰু এই সমগ্ৰ প্ৰকল্পটোৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২০,০০০ কোটি টকাৰ অনুমোদন দিছিল।   

পুৰণি সংসদ ভৱনৰ কাষতেই নতুন সংসদ ভৱনটো নিৰ্মাণ কৰি থকা হৈছে। যিটো ১৩ একৰ মাটিত ত্ৰিভুজাকৃতিৰ আৰ্হিত চাৰিমহলীয়া অট্টালিকা হিচাপে নিৰ্মাণ কৰি থকা হৈছে। নতুকৈ নিৰ্মিত সংসদ ভৱনটো ৰাষ্ট্ৰপতি ভৱনৰ পৰা মাত্ৰ অলপ দূৰত্বত। প্ৰকল্পটো প্ৰথমে ৭৫ তম স্বাধীনতা দিৱসৰ আগতে সম্পূৰ্ণ হ’ব বুলি আশা কৰা হৈছিল। কিন্তু পিছলৈ ইয়াৰ সময়সীমা পিছত বৃদ্ধি কৰা হয়। ।

পুৰণি সংসদ ভৱনটো ৯৫ বছৰ আগতে ১৯২৭ চনত নিৰ্মাণ কৰা হৈছিল। ২০২০ চনৰ মাৰ্চ মাহত, কেন্দ্ৰীয় চৰকাৰে সংসদত কৈছিল যে পুৰণি ভৱনটো অত্যাধিক ব্যৱহৃত হৈছে আৰু ইয়াৰ অধিক ব্যৱহাৰৰ ফলত পৰ্যায় ক্ৰমে ক্ষতিগ্ৰস্ত হ’বলৈ আৰম্ভ হৈছে।

ইয়াৰ লগতে, লোকসভা আসনৰ নতুন সীমানিৰ্ধাৰণৰ পিছত বৃদ্ধি পাবলগীয়া আসন সমূহৰ বাবে সাংসদসকলে বহিবলৈ পুৰণি ভৱনটোত পৰ্যাপ্ত স্থান নাই। সেইকাৰণে এটা নতুন ভৱন নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

আপুনি জানেনে যে নতুন সংসদ ভৱন দুটাত কি কি বিশেষত্ব আছে? যদি এতিয়াও নাজানে তেতিয়া হ’লে জাঁনো আহত –

১. পুৰণি লোকসভাত ৫৯০ জন লোকৰ আসন ক্ষমতা আছে। নতুন লোকসভাত ৮৮৮ খন আসন থকাৰ লগতে দৰ্শনাৰ্থী গেলেৰীত ৩৩৬ জনৰো অধিক লোকৰ আসন ৰখাৰ ক্ষমতা আছে।

২. পুৰণি ৰাজ্যসভাত আসন ৰখাৰ ক্ষমতা ২৮০। নতুন ৰাজ্যসভাত ৩৮৪ খন আসন থাকিব আৰু দৰ্শনাৰ্থী গেলেৰীত ৩৩৬ খনতকৈ অধিক আসন থাকিব।

৩. লোকসভাত ইমান ঠাই আছে যে দুয়োখন সদনৰ যুটীয়া অধিৱেশনত ১২৭২ জনতকৈও অধিক সাংসদে লোকসভাত একেলগে বহিব পাৰিব।

৪. নতুন সংসদৰ প্ৰতিটো গুৰুত্বপূৰ্ণ কাৰ্যৰ বাবে পৃথক কাৰ্যালয় আছে। বিষয়া আৰু কৰ্মচাৰীসকলৰ বাবে হাই-টেক কাৰ্যালয়ৰ সুবিধা দিয়া হৈছে।

৫. কেফে আৰু ডাইনিং এলেকাও হাই-টেক কৰা হৈছে। সমিতিৰ বৈঠকৰ বিভিন্ন কোঠা বোৰ হাই-টেক সঁজুলিৰে নিৰ্মিত কৰা হৈছে।

৬. লগতে সাধাৰণ কোঠা, মহিলাৰ বাবে লাউঞ্জ আৰু ভিআইপি লাউঞ্জৰ ব্যৱস্থা কৰা হৈছে।

লগতে পঢ়ক – আজি বিশ্ব ঋতুচক্ৰ স্বচ্ছতা দিৱস

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply