নিউজ ডেস্ক – ভাৰতীয় ৰে’লৱেই আগন্তুক গ্ৰীষ্মকালত যাত্ৰীসকলৰ বাবে সুচল আৰু আৰামদায়ক ভ্ৰমণ নিশ্চিত কৰিবলৈ অতিৰিক্ত ৪০১০ টা বিশেষ ভ্ৰমণৰ অনুমোদন জনাইছে। এই ভ্ৰমণৰ বাবে মুঠ ২১৭ খন বিশেষ ৰে’লে অতিৰিক্তকৈ সংযোজন কৰোৱা হৈছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰীষ্মকালৰ সময়ছোৱাত যাত্ৰীসকলৰ সুচল ভ্ৰমণ নিশ্চিতকৰণৰ বাবে ২১৭ বিশেষ ট্ৰেইনৰ সংযোজনত সন্তোষ প্ৰকাশ কৰে। অৱশ্যে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেত কোনো বিশেষ ভ্ৰমণৰ অনুমোদন নাই আৰু কাজেই ইয়াৰ বাবে অতিৰিক্ত ৰে’লৰ সংযোজন কৰা হোৱা নাই।
প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰ’ৰ এটা টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰেঃ
“এই সংযোজনে সমগ্ৰ গ্ৰীষ্মকালছোৱাত আৰাম আৰু যোগাযোগ ব্যৱস্থাৰ বৰ্ধন ঘটাব।”