নিবনুৱা সংখ্যা বৃদ্ধিৰ লগে লগে একাংশ প্ৰৱঞ্চকে চাকৰি দিম বুলি বহু চাকৰি প্ৰত্যাশী যুৱক-যুৱতীক প্ৰলোভনৰ জালত পেলাবলৈ সদাসষ্টম হৈ থাকে৷ গেৰুকামুখৰ এগৰাকী যুৱতীৰ পৰা বন বিভাগত চাকৰি দিয়া নামত ৩ লাখ টকা বিছৰা প্ৰৱঞ্চক মনোজ তামুলীক গ্ৰেপ্তাৰ কৰে ধেমাজি আৰক্ষীয়ে৷

জানিব পৰা মতে, কিছুদিন পূৰ্বে ডিব্ৰুগড়ত সাক্ষাৎকাৰ সম্পন্ন হৈছিল বন বিভাগৰ চাকৰিৰ৷ চাকৰি দিয়াৰ বিনিময়ত মনোজে গেৰুকামুখৰ এগৰাকী যুৱতীৰ পৰা দাবী কৰিছিল ৩ লাখ টকা৷ যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিত প্ৰৱঞ্চক মনোজ তামুলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷

ধেমাজি জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গৌৰৱ আগৰৱালাই জানিবলৈ দিয়া মতে, প্ৰৱঞ্চক গৰাকীয়ে চলিত বছৰ ৬ ফেব্ৰুৱাৰীত তেজপুৰ জে’লৰ পৰা মুকলি হৈ অহা এমাহ নহঁওতেই পুনৰ একেধৰণৰ ঘটনাকেই সংঘটিত কৰিছে৷

বৰ্তমান প্ৰৱঞ্চক মনোজ তামুলীক আৰক্ষীয়ে সোধা-পোচা অবাহত ৰাখিছে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply