গুৱাহাটী : ৰাজ্যৰ বান পৰিস্থিতি উন্নত হৈছে যদিও এতিয়াও ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈ আছে। বৰষুণৰ মাত্ৰা হ্ৰাস পোৱাৰ লগে লগে উৎকট গৰমে দহিছে ৰাজ্যবাসীক। বাঢ়নী পানী কমিবলৈ ধৰিছে যদিও ৰাজ্যৰ ৩৫ খন জিলাৰ ১৪ খন জিলা বছৰৰ দ্বিতীয়টো বানৰ কবলত। এই ১৪ খন জিলাত ৮ লাখ ৮৮ হাজাৰ ১১৭ জন লোক প্ৰভাৱিত হৈ আছে বানপানীৰ ফলত।

ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰা বান পৰিস্থিতি ক্ৰমাৎ উন্নত হ’বলৈ ধৰিছে। নেৰা নেপেৰা বৰষুণৰ ফলত বছৰৰ দ্বিতীয়টো বানৰ কবলত পৰা ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল অৱশ্যে এতিয়াও বাঢ়নী পানীৰ তলত আছে। বানৰ পিছত উৎকট গৰমে ৰাজ্যবাসীক দহিছে। বৰ্তমানেও ৰাজ্যৰ ১৪ খনকৈ জিলাৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে।

ইফালে বিগত কিছুদিন ধৰি ৰাজ্যত বৰষুণৰ মাত্ৰা হ্ৰাস পাইছে যদিও ৰাজ্যত আৰু অধিক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এতিয়াও বান কবলত থকা ৰাজ্যৰ ১৪ খন জিলাৰ ৮ লাখ ৮৮ হাজাৰ ১১৭ জন লোক প্ৰভাৱিত হৈ আছে বানপানীৰ ফলত। ব্ৰহ্মপুত্ৰৰ লগতে সৰু-বৰ নৈ-উপনৈ সমূহৰ জলপৃষ্ঠ ফেনে ফুটুকাৰে বৃদ্ধি পাই থকাৰ ফলত কেইবাঠাইটো মাথাউৰি ছিঙি বিস্তীৰ্ণ অঞ্চল জলমগ্ন হৈ পৰিছে।

লগতে পঢ়ক – ঈদৰ দুদিন পূৰ্বে প্ৰাণ গ’ল চানিদুল আলীৰ

বৰ্তমানেও বাঢ়নী পানীৰ তলত থকা ১৪ খন জিলাৰ ২৮ টা ৰাজহ চক্ৰৰ ৬২০ খন গাঁও জলমগ্ন হৈছে আছে। ইফালে বৰাক উপত্যকাৰ বান পৰিস্থিতি লাহে লাহে উন্নত হ’বলৈ ধৰিছে যদিও শুকুৰবাৰে কৰিমগঞ্জ আৰু হাইলাকন্দিত দুটাকৈ ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। যোৱা ২৪ ঘণ্টাত বানপানী আৰু ভূমিস্খলনৰ ফলত ৰাজ্যত ৩ জন লোকৰ মৃত্যু হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,390 other subscribers

Leave a comment

Leave a Reply Cancel reply