সোৱনশিৰিৰ বুকুৱেদি ঘূনাসুঁতিলৈ নিৰ্মাণ হব  পকী দলং

বাস্তব হোৱাৰ দিশে ঘূণাসুঁতিবাসীৰ বহুদিনীয়া সপোন। স্বাধীনতাৰ ৭৫ বছৰৰ পিছত নতুন প্ৰভাত হব ঘূনাসুঁতিত।

ইতিহাস হব সোৱণশিৰিৰ বুকুৱেদি  জংকী পানৈ দেশ হিচাপে খ্যাত ঘূণাসুঁতিলৈ নৌকা যাত্ৰা। ঘূনাসুঁতিক কেন্দ্ৰ কৰি নাথাকিব তাহানিৰ সেই মাদকতা, নাথাকিব যাত্ৰাপথৰ ভয়-শংকা।

সোৱনশিৰিৰ বুকুৱেদি ঘূনাসুঁতিলৈ নিৰ্মাণ হব  পকী দলং। ঐতিহাসিক ঘূনাসুঁতিক  সংযোগ কৰি সোৱণশিৰিৰ ওপৰত নিৰ্মান হব ৫৫৩ কোটি টকা ব্যয় সাপেক্ষ পকী  দলং।

এই দলঙৰ আধাৰশিলা হব অহা ১৮ ডিচেম্বৰত। ভূমিপুজনেৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰিব লগা দলঙৰ আধাৰশিলা স্থাপন অনুষ্ঠানক লৈ এতিয়া অনেক ব্যস্ততা ঘূনাসুঁতিবাসীৰ মাজত।

এখন দলঙৰ অভাৱত সোৱণশিৰিৰ বুকুত মৃত্যুবৰণ কৰিবলগীয়া হৈছিল প্ৰসূতি মাতৃৰ লগতে আন বহু ৰোগী। যাৰবাবে নিৰ্মাণ হব লগা দলঙক লৈ এতিয়া যথেষ্ঠ উৎফুল্লিত ঘূনাসুঁতিবাসী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply