নিউজ ডেস্ক- এতিয়াও অনিয়ন্ত্ৰিত অৱস্থাত মণিপুৰ। মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত কাইলৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰিব।

মুখ্যমন্ত্ৰীগৰাকীয়ে নতুন দিল্লীত গৃহমন্ত্রী অমিত শ্বাহৰ লগত এক বৈঠকত মিলিত হ’ব। তেওঁলোকে এই বৈঠকত অশান্ত মণিপুৰৰ পৰিস্থিতি সম্পৰ্কে আলোচনা কৰিব।

উল্লেখ্য যে, ৰাজ্যখনত মেইটেই সম্প্ৰদায়ে অনুসূচিত জনজাতিৰ মৰ্যাদা লাভৰ বাবে এক দীৰ্ঘদিনীয়া দাবী উত্থাপন কৰি আহিছিল। বিষয় আদালতৰ মঁজিয়া পৰ্যন্ত পাইছেগৈ। পিছে মণিপুৰ উচ্চ ন্যায়ালয়ে মেইটেই সম্প্ৰদায়ক অনুসূচিত জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ দাবী বিবেচনা কৰিবলৈ ৰাজ্য চৰকাৰক দিয়া এক নিৰ্দেশে সমগ্ৰ ৰাজ্যখনকে এতিয়া জোকাৰি গৈছে।

ঘটনাটো ১৯ এপ্ৰিলৰ। উক্ত দিনা মণিপুৰ উচ্চ ন্যায়ালয়ে এক আদেশত প্ৰদান কৰি মণিপুৰ চৰকাৰক কয় যে “মেইইটেই সম্প্ৰদায়ক অনুসূচিত জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে আবেদনকাৰীৰ গোচৰটো ক্ষিপ্ৰতাৰে অতিমকেও চাৰি সপ্তাহৰ ভিতৰত বিবেচনা কৰিব লাগে”।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply