বোকাখাত, উত্তম কুমাৰ শৰ্মা: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অঘটন, ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলী বনাঞ্চলত গঁড়ৰ আক্ৰমণত আহত হৈছে এগৰাকী কৰ্তব্যৰত বনকৰ্মী।

বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলি বনাঞ্চলৰ কিং-ক’ব্ৰা বন শিবিৰ এলেকাত টহল দি থকা অৱস্থাতে সংঘটিত হয় এই ঘটনাটো।

কৰ্তব্যৰত অৱস্থাতে এজনী মাইকী গঁড়ে পহৰাদাৰী তিনিজনীয়া বনকৰ্মীৰ দলটোক অতৰ্কিতে আক্ৰমণ কৰাত গুৰুত্বৰভাৱে আঘাটপ্ৰাপ্ত হয় দলটোৰ ৰূপম চেতীয়া নামৰ বনকৰ্মীজন।

ভৰিত গুৰুত্বৰভাৱে আঘাটপ্ৰাপ্ত বনকৰ্মীজন ৰাষ্ট্ৰীয় উদ্যান খনত নিয়োজিত ৰাইন’প্ৰটেকশ্বন ফ’ৰ্চৰ (SRPF) ৰ জোৱান বুলি জানিব পৰা গৈছে।

ইতিমধ্যে আহত বনকৰ্মী জনক বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰা হৈছে।

লগতে পঢ়ক – অসম আৰক্ষীৰ আৰক্ষী অধীক্ষক পৰ্যায়ত বৃহৎ সালসলনি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply