তিনিচুকীয়া : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ১৬ গৰাকী ছাত্ৰ-ছাত্ৰীৰ শৰীৰত শুকুৰবাৰে ক’ভিড-১৯ ধৰা পৰে।

ইয়াৰ পৰিপ্ৰেক্ষিতত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই চলি থকা আৰু অনুষ্ঠিত হ’বলগীয়া সকলো পৰীক্ষা বাতিল কৰাৰ লগতে তিনিটা হোষ্টেলক কন্টেইনমেণ্ট জ’ন ঘোষনা কৰিছে।

পদাৰ্থ বিজ্ঞান বিভাগৰ ইণ্টিগ্ৰেটেড স্নাতকোত্তৰকে ধৰি সকলো বিলাক স্নাতকোত্তৰ পৰীক্ষা পৰৱৰ্তী জাননী প্ৰকাশ নোপোৱালৈকে স্থগিত ৰখা হৈছে বুলি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক পি কে কটকীয়ে এক জাননী যোগে জানিবলৈ দিয়ে।

তদুপৰি BEd, B Tech, LLB, BA LLB (H), BCom LLB (H) আৰু BBA LLB (H) পৰীক্ষা বিলাকো পিছুৱাই দিয়া হৈছে।

‘চলি থকা চিবিচিএছ (choice-based credit system)ৰ অধীনৰ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ স্নাতক পৰীক্ষাসমূহ ২৬ এপ্ৰিলৰ পৰা কাৰ্য্যকৰী হোৱাকৈ পিছুৱাই দিয়া হৈছে’, জাননীটোত কোৱা হয়।

ৰাজ্য চৰকাৰ আৰু ইউ জি চিৰ গাইডলাইন/এছ অ’ পি অনুসৰি পিছুৱাই দিয়া পৰীক্ষাসমূহৰ নতুন সময়সূচী সময়ে সময়ে প্ৰকাশ কৰি থকা হ’ব বুলি কটকীয়ে জানিবলৈ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply