গুৱাহাটী : বিজেপি বিধায়িনী দলৰ তথা মিত্ৰজোঁটৰ নেতা হিচাপে নিৰ্বাচিত হোৱা ড০ হিমন্ত বিশ্ব শৰ্মালৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে। এই সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা জ্যোষ্ঠ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই সদৰি কৰা এক বিবৃতিত কয় যে, সোমবাৰে ৰাজ্যখনৰ পৰবৰ্তী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ লগতে দ্বায়িত্ব গ্ৰহণ কৰিবলগীয়া ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আমাৰ আন্তৰিক শুভেচ্ছা যাচিলো আৰু পৰবৰ্তী কালত ৰাজ্যখনৰ সকলো উন্নয়নমূলক কামত যোগাত্মক সহযোগিতা অব্যাহত থাকিব।

ইয়াৰোপৰি সাম্প্ৰতিক সময়ত ক’ভিড মহামাৰীয়ে সৃষ্ট কৰা পৰিস্থিতিৰ মোকাবিলা কৰাৰ লগতে জনসাধাৰণৰ জীৱন আৰু জীৱিকা সুৰক্ষিত ৰাখিবলৈ গ্ৰহণ কৰা প্ৰতিটো পদক্ষেপতে আমাৰ দলৰ লগতে মহাজোঁটৰ অংশীদাৰ সকলো দলৰে সমৰ্থন অব্যাহত থাকিব বুলিও বিবৃতিযোগে কয় অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা জ্যোষ্ঠ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই।

ইফালে নবনিৰ্বাচিত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতৰ নেতৃত্বাধীন চৰকাৰখনলৈ অসম সত্ৰ মহাসভাই আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। তেখেতৰ নেতৃত্বত অসমখনক ভাৰতৰ ভিতৰতে সৰ্ব্বোচ্চ স্থানলৈ উন্নীত কৰিবলৈ সক্ষম হওঁক অসমক সকলো বিপদৰ পৰা সুৰক্ষিত কৰি ৰাখৰ কামনা কৰে অসম সত্ৰ মহাসভাই।অসম সত্ৰ মহাসভাই লগতে আশা প্ৰকাশ কৰে যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ ১২৪২ খন সত্ৰ আৰু প্ৰায় একলাখতকৈও অধিক নামঘৰ উজ্জ্বলিত হ’ব আৰু সনাতন হিন্দু জনসাধাৰণে নিবিঘ্নে আধ্যাত্মিক কৰ্ম তথা ঈশ্বৰৰ প্ৰাৰ্থনা কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply