কোকৰাঝাৰ : বি টি আৰৰ প্ৰমোদ বড়ো নেতৃত্বাধীন পৰিষদৰ সচিবালয়ৰ ক্ষমতা কৰ্তন কৰি পৰিষদত বিশেষ গুৰুত্ব নথকা জিলা উপায়ুক্তক বিশেষ ক্ষমতা প্ৰদান কৰাক লৈ জাঙুৰ খাই উঠিছে পৃথ্বীৰাজ নাৰায়ন দেৱ মেচ। বুধবাৰে পৃথ্বীৰাজ নাৰায়নে কোকৰাঝাৰৰ গৌৰাং হোটেলত এই বিষয়ে এক সংবাদমেল অনুষ্ঠিত কৰি বি টি আৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োক কঠোৰ সমালোচনা কৰিছে।

যোৱা ৬ জুনত পৰিষদৰ নৱনিযুক্ত প্ৰধান সচিব শান্তনু গোটমাৰেই এক নিৰ্দেশনাৰ জৰিয়তে (নং বি টি চি/ আই বি এ-৬৭৯/২০২০/৪৬) পৰিষদীয় এলেকাৰ সকলো ধৰণৰ উন্নয়নমূলক কাম-কাজ জিলা উপায়ুক্তসমূহক নিৰিক্ষণ কৰাৰ কৰ্তৃত্ব প্ৰদান কৰিছিল।

এই নিৰ্দেশনা অনুসৰি পৰিষদৰ উন্নয়নৰ বাবে প্ৰয়োজনীয় বছৰেকীয়া পৰিকল্পনাও উপাযুক্তসকলেই প্ৰস্তুত কৰিব আৰু প্ৰধান সচিবে কেৱল ইয়াত অনুমোদনহে জনাব পাৰিব।

লগতে পঢ়ক : ‘অক্সিজেন নাটনিৰ মকড্ৰিল’ৰ ফলত মৃত্যু ২২ গৰাকী ৰোগীৰ; চীল কৰা হ’ল আগ্ৰাৰ হস্পিটেল

নৱনিযুক্ত প্ৰধান সচিবগৰাকীৰ এই নিৰ্দেশনাৰ পিছতেই পৰিষদৰ উন্নয়নমূলক কাম-কাজসমূহত যে বি টি আৰ সচিবালয়ৰ বিশেষ কৰ্তৃত্ব নাথাকিব সেয়া স্পষ্ট হৈ পৰিছিল।

বি টি আৰ আৰৰ প্ৰধান সচিব শান্তনু গোটমাৰেৰ এই নিৰ্দেশনাক কেন্দ্ৰ কৰি এতিয়া বি টি আৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ একালৰ সহযোগী পৃথ্বীৰাজ নাৰায়ন দেৱ মেচে প্ৰমোদ বড়োক সমালোচনাৰ লক্ষ্য কৰি লৈছে।

কোকৰাঝাৰৰ গৌৰাং হোটেলত অনুষ্ঠিত কৰা সংবাদমেলত পৃথ্বীৰাজ নাৰায়নে প্ৰমোদ বড়োক সমালোচনা কৰি পৰিষদৰ প্ৰধান সচিবগৰাকীৰ এই নিৰ্দেশ অপমানজনক বুলি কয়।

তেওঁ আৰু কয়, ‘বি টি আৰৰ অধিনস্থ কোকৰঝাৰ, চিৰাং, ওদালগুৰী বাক্সা জিলাৰ উপায়ুক্তক ১৬ টা বিভাগৰ আঁচনি ৰূপায়নৰ ক্ষেত্ৰত পৰ্যবেক্ষন, নিৰীক্ষন, বছৰেকীয়া কাৰ্যপ্ৰণালীৰ দায়িত্ব দিয়াৰ লগতে সহস্ৰাধিক শ্বহীদৰ বিনিময়ত লাভ কৰা ষষ্ঠ অনুসূচীত পৰিষদৰ ক্ষমতা কৰ্তন কৰাৰ এনে কাৰ্য দূৰ্ভাগ্যজনক।’

ইয়াৰ উপৰিও পৰিষদৰ আঁচনিসমূহ ৰূপায়নৰ ক্ষেত্ৰত সময়ৰ অপব্যৱহাৰ হ’ব আৰু এনে কাৰ্যৰ জৰিয়তে প্ৰমোদ বড়োৰ নিজৰ বিষয়া-কৰ্মচাৰীৰ প্ৰতি আস্থাহীনতা প্ৰকাশ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply