সোণাৰি: সোণাৰিৰ অসম-নাগালেণ্ড সীমান্তৰ নামতোলাত বুজন পৰিমাণৰ গাঞ্জা সহ এজন অট’চালক আটক। চৰাইদেউ জিলাৰ উপ আৰক্ষী অধীক্ষক অনিতা কোঁৱৰৰ নেতৃত্বত নামতোলা আৰক্ষীয়ে চলোৱা অভিযানত ধৰা পৰে গাঞ্জা সৰবৰাহকাৰীজন।

নামতোলাৰ পৰা সোণাৰিলৈ সৰবৰাহ কৰাৰ সময়তে AS 04 BC 4260 নম্বৰৰ অট’খনৰপৰা উদ্ধাৰ কৰা হয় গাঞ্জাখিনি। আটকাধীন গাঞ্জা সৰবৰাহকাৰী ৰাজেন কুৰ্মীৰ বিৰুদ্ধে নামতোলা আৰক্ষী থানাত ১০/২২ নম্বৰত গোচৰ ৰুজু কৰা হৈছে।

উল্লেখ্য যে উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত নামতোলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সুৰেশ দত্ত, চিআৰপিএফ আৰু গাওঁৰক্ষী বাহিনীৰ সদস্যৰ সহযোগত চলোৱা অভিযানত উদ্ধাৰ কৰা হয় গাঞ্জাখিনি।

মন কৰিবলগীয়া যে অসম-নগালেণ্ড সীমান্তৰ নামতোলাৰ পৰা নগালেণ্ডৰ লগতে চৰাইদেউ, শিৱসাগৰ, ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তলৈ অবৈধ ড্ৰাগছ তথা গাঞ্জাৰ সৰবৰাহ হৈ থকাৰ অভিযোগ সততে উত্থাপন হৈ থকাৰ সময়তে আৰক্ষীয়ে এতিয়ালৈকে ২২ গৰাকীকৈ সৰবৰাহকাৰীক কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।

জানিব পৰা মতে নামতোলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে যোগদান কৰা দিনৰে পৰা এই তিনি মাহত নামতোলা আৰক্ষী থানাত অবৈধ ড্ৰাগছ তথা গাঞ্জাৰ সৰবৰাহ সন্দৰ্ভত সাতটা গোচৰ ৰুজু হৈছে।

লগতে পঢ়ক- এইবাৰ বিধায়ক চৰকাৰী আৱাসগৃহৰ পৰা বিধানসভালৈ আহিব গল্ফ কাৰ্টত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply