নিউজ ডেস্ক: বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি আগন্তুক চাৰি পাঁচদিন অসমকে উত্তৰ-পূবত প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে। আজি বতৰ বিজ্ঞান কেন্দ্ৰই এক প্ৰেছ বিজ্ঞপ্তি যোগে এই কথা সদৰী কৰে।

বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে এই সময়ছোৱাত বংগোপসাগৰৰ পৰা উত্তৰ-পূবৰ দিশত প্ৰবল দক্ষিণ-পশ্চিমমূৱা বতাহ বলাৰ সম্ভাৱনা আছে।

ইয়াৰ ফলত অহা ৫ দিন অসম আৰু মেঘালয়ৰ ঠায়ে ঠায়ে প্ৰবল বৰষুণ পৰাৰ লগতে অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড, ছিকিমত অহা শনিবাৰলৈকে বিজুলী, ঢেৰেকনিৰে ধুমুহা-বৰষুণ আহিব পাৰে।

উল্লেখযোগ্য যে চলিত মাহত ৰাজ্যখনৰ বিভিন্ন অঞ্চলত প্ৰবল ধুমুহা-বৰষুণৰ ফলত ১৪ গৰাকীকৈ লোকে প্ৰাণ হেৰোৱাব লগা হৈছে।

লগতে পঢ়ক – উচ্ছেদক লৈ দিল্লীৰ জাহাংগীৰপুৰীত উত্তেজনা; উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply