বিশ্বনাথঃ বিশ্বনাথ জিলাৰ গহপুৰত এম্বুলেঞ্চত কাছৰ মাংস নি থকা অৱস্থাত দুজনক গ্ৰেপ্তাৰ।
বন্যপ্ৰাণী সুৰক্ষা কৰ্মীয়ে গ্ৰেপ্তাৰ কৰে লোকদুজনক।
আটক কৰা ব্য়ক্তি দুজন হৈছে শশী দাস(৫৬) , দিগন্ত ভূঞা (৪০)।
কঠালনিবাৰীৰ পৰা এ এছ-১২ -বি চি_৪৪২১নম্বৰৰ এম্বুলেঞ্চখনত নি থকা হৈছিল মাংসখিনি।
বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অভিযানকাৰীৰ এটা দলে এক গোপন সূত্ৰৰ পম খেদি গহপুৰ ডিপৰাৰ কঠালনিবাৰীৰ পৰা ব্য়ক্তি দুজনক গ্ৰেপ্তাৰ কৰে।
আৰু পঢ়কঃগুৱাহাটীত ক্ৰাইম ব্ৰান্সৰ অভিযান, পল্টন বজাৰৰ জুৱেলাৰী দোকানত উদ্ধাৰ নিসিদ্ধ ড্ৰাগছ