গোৰেশ্বৰঃ বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তত অৱস্থিত প্ৰকৃতিৰ ৰাণী অসমৰ জনপ্ৰিয় পৰ্যটন ক্ষেত্ৰ ‘বগামাটী’ বনভোজস্থলী বন্ধ হোৱা বুলি একাংশ ডিজিটেল সংবাদ মাধ্যমত ২১ ডিচেম্বৰত প্ৰকাশ হোৱা ঘটনাত আশ্চৰ্য্য প্ৰকাশ কৰিছে বনভোজস্থলী পৰিচালনা কৰা স্বেচ্ছাসেৱী সংস্থা দাওৰায়ঝাৰ ইকু টুৰিজিম চছাইটি ‘বগামাটী’য়ে ৷

বগামাটীত অৱস্থিত সংস্থাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত অনুষ্ঠানটোৰ উপদেষ্টা ও প্ৰাক্তন সভাপতি চিমাং নাৰ্জাৰীয়ে কয় যে ভূটান পাহাৰৰ পৰা নামি অহা বৰনদীৰ দুয়ো পাৰে প্ৰকৃতিৰাণী বগামাটী বনভোজস্থলী অৱস্থিত ৷

পৰ্যটন ক্ষেত্ৰখনৰ পৰিচালনাৰ বাবে নদীখনৰ পূব পাৰে দাওৰায়ঝাৰ ইকু টুৰিজিম আৰু পশ্চিম পাৰে গেৰেমছা টুৰিজিম চোছাইটি নামৰ দুখন পৰিচালনা সমিতিয়ে ২০০৬ চনৰ পৰা বনভোজস্থলীখনি পৰিচালনা কৰি আছে ৷

লগতে পঢ়কঃমাজুলীৰ বৰমুকলিত গঁড়ৰ সন্ত্ৰাস

কিন্তু সম্প্ৰতি সময়ত অঞ্চলটোৰ কিছু সংখ্যক স্থানীয় যুৱকৰে গঠিত তথা বিটিআৰ চৰকাৰৰ পৰা পোৱা অনুমতি সাপেক্ষে চেখাইকোনা নামৰ অন্য এটা স্বেচ্ছাসেৱী সংস্থাই নাগ্ৰীজুলী-গুৱাবাৰী গড়কাপ্টানী পথৰ বৰনদীৰ উত্তৰ পশ্চিম দিশে তোৰণ নিৰ্মাণ কৰি বগামাটিলৈ বনভোজ খাবলৈ অহা দল সমূহৰ বাহন সমূহৰ প্ৰৱেশ মাছুল আদায় কৰাৰ ক্ষেত্ৰত দুয়োটা স্বেচ্ছাসেৱী সংস্থাৰ সদস্য সকলৰ মাজত কিছু মতানৈক্য হোৱাৰ ফলত তামুলপুৰ মহকুমা তথা আৰক্ষী প্ৰশাসনে অনিৰ্দিষ্ট কাললৈ দুয়োটা সংস্থাকে প্ৰৱেশ মাছুল লোৱাৰ ক্ষেত্ৰত বাধা নিষেধ আৰোপ কৰে ৷

উক্ত ঘটনাৰ ফলস্বৰূপে একাংশ সংবাদ মাধ্যমে বগামাটী বনভোজস্থলী বন্ধ হোৱা বুলি সংবাদ পৰিৱেশন কৰাটো দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰে ৷ তেওঁ ৰাজ্যখনৰ বনভোজকাৰী দল সমূহলৈ আহ্বান জনায় কয় যে বগামাটীলৈ অহাৰ ক্ষেত্ৰত প্ৰশাসনে কোনো বাধা নিষেধ আৰোপ কৰা নাই আৰু বগামাটীলৈ অহা গুৱাহাটী – বাইহাটা চাৰিআলি -গোৰেশ্বৰ – নাওকাটা – বাঙালীপাৰা -বগামাটী ; ওদালগুৰি – আটাৰিখাট – বাঙালীপাৰা – বগামাটী আৰু তামুলপুৰ – নাগ্ৰীজুলী – বাঙালীপাৰা – বগামাটী গড়কাপ্টানি পথ কেইটাৰে বনভোজস্থলীলৈ বিনা বাধাই প্ৰৱেশ কৰিব পাৰিব বুলি জনায়৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply