গোৰেশ্বৰঃ বিকশিত অসমৰ এখন অপ্ৰকাশিত ছবি। নিৰ্বাচন আহিল নিৰ্বাচন গ’ল। কিন্তু সমাধান নহ’ল ৰাইজৰ সমস্যাৰ। বাট-পথৰ সমস্যাই আজিও জুুৰুলা কৰি ৰাখিছে বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গোঁসাইগাওঁ বাসীক।

গোৰেশ্বৰ চহৰৰ ১২ নং গেটৰ পৰা গোঁসাইগাওঁ সংযোগী গ্ৰাম্য পথটো এমএনৰেগাৰ অধীনত তিনিবাৰ অনুমোদিত হোৱাৰ পিছতো আজিকোপতি পথটো উন্নতিকৰণ নহ’ল।

গোঁসাইগাওঁ , বালাহাটী, চতীয়াপাৰা, কুৰপাৰা, গুৰমৌ, বৰডাঙ্গেৰীকুছি আদি প্ৰায় দহখন গাঁৱৰ গোৰেশ্বৰলৈ যাতায়তৰ গুৰুত্বপূৰ্ণ পথটো প্ৰতিবছৰে বাৰিষা যাতায়ত বন্ধ হৈ পৰে। এজাক বৰষুণতে বোকাময় হৈ পৰা পথটোৰে বাহন দূৰৰে কথা খোজ কাঢ়ি যোৱাৰো পৰিৱেশ নাথাকে।

বাৰিষা গাওঁখনৰ কোনো ৰোগীক হস্পিতাললৈ নিবলগীয়া হ’লে ঠেলাত তুলিহে নিব লগীয়া হয়। কিয়নো বোকাৰে উপচি পৰা পথটোৰে কোনো এম্বুলেঞ্চ বা চাৰিচকীয়া বাহন লৈ যাতায়ত কৰাটো সম্ভৱ হৈ নাথাকে।

অনতিপলমে এই পথটোৰ যাতায়ত সম্ভৱ কৰি তুলিবলৈ চৰকাৰক দাবী জনাইছে স্থানীয় ৰাইজে ।

আৰু পঢ়কঃড্ৰাগছ বিৰোধী অভিযানত ৰাজ্যত ৪৫০ জনতকৈ অধিক ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply