ছিপাঝাৰঃ ছিপাঝাৰৰ ভূমি বেদখল উচ্ছেদৰ সমৰ্থনত বুধবাৰে গৌৰীসাগৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে বহু সংখ্যক ৰাইজে।

আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ নেতৃত্বত দুই শতাধিক লোকে পালন কৰে অৱস্থান ধৰ্মঘট।

লগতে পঢ়কঃঢেকীয়াজুলিত জল জীৱন মিছনৰ আঁচনি ৰূপায়নত অনিয়ম

অসম আৰক্ষী তথা চৰকাৰৰ সিদ্ধান্তৰ সম‌ৰ্থন জনাই ধৰ্মঘটকাৰী সকলে হাতে হাতে প্লে কাৰ্ড লৈ অসম আৰক্ষী জিন্দাবাদ , বেদখল উচ্ছেদ কৰক আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে।

কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিধায়ক প্ৰদীপ হাজৰিকাই উজনি অসমত যাতে কোনোৱে বেদখল কৰিব নোৱাৰে তাৰ বাবে সজাগ হোৱাত এনে কাৰ্যসূচীয়ে সহায় কৰিব বুলি মন্তব্য কৰে। লগতে আইন উলংঘা কৰি ভূমি বেদখল কৰা সকলেই আৰক্ষী প্ৰশাসনৰ ওপৰত আক্ৰমণৰ ঘটনাৰ গৰিহণা দিয়ে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply