হোজাইঃ কোভিড বিধি উলংঘা কৰি হোজাই জিলাৰ লালুংডুবিৰ বিদ্যালয়ত চলিছে পাঠদান। লালুংডুবিৰ দুখনকৈ বিদ্যালয়ত LKG-KG কে ধৰি প্ৰাথমিক শিক্ষা গ্ৰহণ কৰা কণ কণ ছাত্ৰ ছাত্ৰীক শ্ৰেণী কোঠাত বহুৱাই পাঠদান কৰা পৰিলক্ষিত হৈছে।

BS memorial আৰু Dreamland English Academy নামৰ ব্যক্তিগত বিদ্যালয় দুখনে কোনো ধৰণৰ চেনিটাইজাৰ, মাক্স, চাবোন, পানী আদিৰ ব্যৱস্থা নকৰাকৈয়ে নিজৰ মুনাফা লাভৰ বাবে বিদ্যালয়ত পাঠদান আৰম্ভ কৰি কণ কণ ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা পৰিলক্ষিত হৈছে।

লগতে পঢ়কঃপ্ৰতিমাত অন্তিম পৰশ দিয়াত ব্যস্ত মৃৎ শিল্পীৰ

চলিত মাহৰ ১৯ তাৰিখৰ পৰা কোভিড বিধি মানি চৰকাৰে বান্ধি দিয়া নিয়ম অনুসৰি বিদ্যালয়সমূহে সপ্তাহত দুটাকৈ দিনত পাঠদান কৰাৰ কথা ঘোষণা কৰিছিল যদিও চৰকাৰী ঘোষণাক বুঢ়া আঙুলি দেখুৱাই নিজৰ মইমতালিৰে লালুংডুবিৰ বিদ্যালয় দুখনে এনেদৰে এতিয়া পাঠদান কৰি মুনাফা লাভৰ চেষ্টা চলাই আহিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply