মিকিৰবামুণীত আন্তৰ্জাতিক জৈৱ বৈচিত্ৰ দিৱস উদযাপন

নগাঁও: কিছুদিনৰ পূৰ্বে ১৮ টাকৈ হাতীৰ মৃত্যু হোৱা মিকিৰ বামুণী অঞ্চলৰ ৰাইজ তথা নগাঁৱৰ বিভিন্ন দল সংগঠন, ব্যক্তিৰ সহযোগত আজি বিশ্ব জৈৱবৈচিত্ৰ দিৱস ( International day for Biological Diversity 2021 ) উপলক্ষে গছপুলি ৰোপন কাৰ্যসূচী পালন কৰে |

হাতীৰ বিচৰণ স্থলী মিকিৰ বামুণী গ্ৰাণ্ট তথা শুকানজুৰী , বামুণী/তপতজুৰী পাহাৰৰ দাঁতি কাষৰীয়া হাতী নিয়মিতভাবে চলাচল কৰা বিভিন্ন এলেকাত হাতীৰ প্ৰিয় খাদ্য ঔটেঙা, ডিমৰু আদিৰ লগতে বিভিন্ন ধৰণৰ ফল মুল, গছৰ পুলি ৰাজহুৱা ভাবে ৰোপণ কৰাৰ এক কাৰ্যসূচী পুৱা ৮ বজাৰ পৰা শুভাৰম্ভ কৰা হ’য় ।

উল্লেখযোগ্য হাতীৰ লগতে বিভিন্ন কাৰণত দুষ্প্ৰাপ্য বিভিন্ন বন্যপ্ৰাণীৰ বিচৰণভূমি সেউজ সমৃদ্ধ এই অঞ্চলটোৰ গছ গছনি সমূহৰ অবাধ ধ্বংস হৈ অহাৰ ফলত জীৱ জন্তুসমূহৰো সংকটৰ সন্মুখীন হৈছে । এই উদ্দেশে আজি আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ দিৱসৰ দিনা ,এই বছৰৰ থিম We’re part of the solution For Nature ৰ লগত সঙ্গতি ৰাখি উক্ত অঞ্চলটোত ৰাজহুৱা প্ৰচেষ্টাত এক বৃক্ষৰোপণৰ কাৰ্যসূচী হাতত লোৱা হয় ।

উক্ত অনুষ্ঠানটোত মিকিৰ বামুণীৰ ৰাইজ স্বতঃস্ফূৰ্তভাবে ওলাই আহি অংশগ্ৰহণ কৰে । অনুষ্ঠানটোত অংশগ্ৰহণ কৰে নিখিল ভাৰত কৃষক সভা, অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদ , ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ লগত মিকিৰ বামুণী পাহাৰ তথা দাঁতীকাষৰীয়া বিভিন্ন প্ৰকৃতিপ্ৰেমী লোক । বৃক্ষৰোপণৰ উপৰিও জৈৱ বৈচিত্ৰৰ সংৰক্ষণৰ গুৰুত্বৰ ওপৰতো সজাগতা মূলক বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা হয় ।

সম্পূৰ্ণ ক’ভিদ প্ৰ’টকলৰ নিয়ম নীতি পালন কৰি সামাজিক দূৰত্ব বৰ্তাই ৰাখি পুৱাভাগৰ পৰা দুপৰীয়া পৰ্যন্ত চলা এই অনুষ্ঠানত বামুণী পাহাৰ হাতীৰ ৰহস্যজনক মৃত্যুত গভীৰ উদ্দেগ প্ৰকাশ কৰাৰ লগতে , হাতীৰ বিচৰণ ভূমি এই অঞ্চলটোৰ গছ গছনি তথা শিল , মাটি সংগ্ৰহৰ বাবে সংলগ্ন পাহাৰ সমূহ ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া কাৰ্যত গভীৰ উদ্বেগ প্ৰকাশ কৰে ।

লগতে পঢ়ক বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ এলেকাত বনবিভাগ-বেদখলকাৰীৰ মাজত তীব্ৰ সংঘাত

লগতে উক্ত অঞ্চলটোত যুগ যুগ ধৰি কৃষিকৰ্মৰে পেট প্ৰৱতাই অহা খিলঞ্জীয়া ৰায়তী কৃষকৰ কেইবাশ বিঘা মাটি আজুৰ নামৰ এটা দিল্লীৱালা কোম্পানিয়ে অবৈধ ভাবে অধিগ্ৰহণ কৰি সৌৰ প্ৰকল্প নিৰ্মানৰ কাৰ্যই হাতীৰ লগতে সমগ্ৰ অঞ্চলটোৰ জৈৱ বৈচিত্ৰলৈকে সংকট নমাই অনাৰ লগতে কোম্পানীটোৱে বিভিন্ন চৰকাৰী আমোলা, বিষয়া, একাংশ চৰকাৰী দালালৰ সহযোগত থলুৱাৰ ভূমি অধিগ্ৰহণৰ বাবে কৰি অহা বিভিন্ন দুষ্কৰ্মৰ উচিত তদন্তৰ দাবীৰ লগতে প্ৰক্ৰিয়াটোৰ লগত জড়িত চৰকাৰী আমোলা বিষয়াক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাই আৰু অসম চৰকাৰক কোম্পানীৰ কাম কাজ বন্ধ ৰখাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনোৱা হয় ।

বহিৰাগত বনিয়াৰ হৈ থলুৱা কৃষকক অযথা হাৰাশাস্তি কৰি ভীতিগ্ৰস্ত নকৰাবলৈ স্থানীয় পুলিচ প্ৰশাসনকো আহ্বান জনাই লগতে জিলা উপায়ুক্ত গৰাকীক অতি শীঘ্ৰে বাকী থকা ৰায়তী কৃষক সকলৰ খতিয়ানৰ নকল কপি কাৰ স্বাৰ্থত এতিয়ালৈকে প্ৰদান কৰা হোৱা নাই বুলি প্ৰশ্ন তোলে ।

লগতে পঢ়ক প্ৰাণ ৰক্ষাৰ বাবে বাংলাদেশৰ এজন যুৱক প্ৰৱেশ কৰিলে ভাৰতত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply