জামুগুৰিহাটঃ জামুগুৰিহাটত প্ৰধান শিক্ষকৰ আজৱ কাণ্ড। কোভিড প্ৰ’টকল ভংগকৰি অনুষ্ঠিত হৈছে পৰীক্ষা ৷

জামুগুৰিহাটৰ নদুৱাৰ প্ৰাথমিক শিক্ষাখণ্ডৰ অধীনৰ ২নং বৰদিকৰাই প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে এক আজৱ ঘটনা ৷ কৰোণা সৃষ্ট পৰিবেশৰ মাজতে চৰকাৰী বিধি ভংগ কৰি বিদ্যালয় খনৰ প্ৰধান শিক্ষকে ছমহীয়া পৰীক্ষা অনুষ্ঠিত কৰিছে ৷

প্ৰাথমিক বিদ্যালয় খনৰ প্ৰধান শিক্ষক মাৰ্কাছ তপ্নই কণ কণ শিশু সকলক বিদ্যালয়লৈ মাতি আনি শ্ৰেণী কোঠাত বহুৱাই পৰীক্ষা অনুষ্ঠিত কৰি থকা কাৰ্য্যই সচেতন মহলৰ চকু কপালত তুলিছে ৷

প্ৰাপ্ত তথ্য অনুসৰি শিক্ষা বিভাগে বিদ্যালয় সমূহৰ কৰ্তৃপক্ষক পৰীক্ষাৰ উত্তৰ বহী সমূহ ছাত্ৰ- ছাত্ৰী সকলৰ ঘৰে ঘৰে গৈ বিতৰণ কৰাৰ লগতে অভিভাৱক সকলৰ জৰিয়তে বিতৰণ কৰি পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিছে ৷

লগতে পঢ়কঃআজি মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি

কিন্তুু প্ৰধান শিক্ষক মাৰ্কাছ তপ্নই চৰকাৰী বিধি উলংঘা কৰি ছাত্ৰ- ছাত্ৰী সকলক একগোট কৰি পৰীক্ষা অনুষ্ঠিত কৰা বিষয়টোত স্থানীয় সচেতন ৰাইজৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। ৰাইজৰ মন্তৱ্য এতিয়াও বৃহত্তৰ জামুগুৰি অঞ্চলত কৰোনাৰ প্ৰকোপ বৃদ্ধি পাই আছে ৷মৃত্যুৰ সংখ্যাও বাঢ়ি গৈ আছে ৷

তেনে পৰিস্থিতিত ছাত্ৰ-ছাত্ৰী সকলৰ মুখত মাক্স, সামাজিক দূৰত্ব নথকাকৈ পৰীক্ষা অনুষ্ঠিত কৰা বিষয়টোত বিভাগীয় কৰ্তৃপক্ষক উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সচেতন মহলে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply