ৰূপহীহাটঃ জুৰিয়াত নাৰী দেহ ব্যৱসায়ী চক্ৰৰ সৈতে জড়িত মহিলা আটক। প্ৰেমৰ চলনা আৰু বিভিন্ন প্ৰলোভনেৰে চক্ৰটোৱে জালত পেলাই বহিঃৰাজ্যলৈ সৰবৰাহ কৰে যুৱতীমহিলাক। চক্ৰটোত জড়িত জুৰীয়াৰ দগাঁৱৰ ভাতৃ-ভগ্নী।

নাৰী দেহৰ ব্যৱসায়ী চক্ৰটোৰ জালত পৰিছে জুৰীয়াৰ শিঙীয়াৰ ফাতেমা নামৰ এগৰাকী মহিলা। নাৰী দেহৰ বেহাৰ সৈতে জড়িত ফাতেমাক শিঙীয়াত স্থানীয় ৰাইজে আটক কৰি ৰাখিছে।

ফাটেমাই ভাতৃৰে সৈতে মিলি বহিঃৰাজ্যলৈ সৰবৰাহ কৰিছে বহু যুৱতী মহিলাক। কিছুদিন পূৰ্বে জুৰীয়াৰ শিঙীয়াৰ এগৰাকী যুৱতীক ভাতৃৰে সৈতে মিলি বিভিন্ন প্ৰৰোচনা আৰু প্ৰলোভনেৰে বিয়া পতাই দিম বুলি দিল্লীলৈ লৈ যায় আৰু দিল্লীৰ এখন পতিতালয়ত বিক্ৰী কৰে যুৱতী গৰাকীক।

লগতে পঢ়কঃহাটশিঙিমাৰীত ৪০ গৰাকী দৰিদ্ৰ হিতাধিকাৰীক ছ’লাৰ বিতৰণ

ইফালে যুৱতী গৰাকীৰ পৰিয়ালে জুৰীয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এজাহাৰ দাখিল কৰা বুলি জানিব পাৰি ফাতেমা আৰু তেওঁৰ ভায়েকে পুনৰ অসমলৈ ঘূৰাই পঠাই যুৱতী গৰাকীক।

অসমৰ বহু যুৱতী মহিলাক জালত পেলাই চক্ৰটোৱে পতিতালয়ত বিক্ৰী কৰাৰ কথাও পোহৰলৈ আহিছে । আৰক্ষীয়ে নাৰী দেহৰ বেহাত লিপ্ত চক্ৰটোৰ বিৰুদ্ধে কি পদক্ষেপ গ্ৰহণ কৰে, সেয়া লক্ষনীয় হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply