পাহাৰীয়া জিলাখনত প্ৰতিবাদ

ডিফু: কাৰ্বি পাহাৰৰ ছটাকৈ বিদ্ৰোহী সংগঠনৰে দিল্লীত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰে হোৱা শান্তি চুক্তিৰ বিৰুদ্ধে সৰব হৈছে ‘অল পাৰ্টি হিলচ লিডাৰ কনফাৰেন্স৷সংগঠনটোৱে ধাৰাবাহিকভাৱে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰি থকাৰ মাজতে শনিবাৰে সন্ধিয়া APHLC ৰ কেইবা শতাধিক সদস্যই ডিফু চহৰত উলিয়াই জোৰ সমদল৷

সংগঠনটোৰ সভাপতি জন ইংতি কাথাৰৰ নেতৃত্বত উলিওৱা জোৰ সমদলটোক অসম বিশ্ব বিদ্যালয়ৰ ডিফু চৌহদৰ ওচৰত আৰক্ষীয়ে বাধা আৰোপ কৰে৷পাৰ্বত্য জিলাখনত বলবৎ থকা ১৪৪ধাৰা ভংগ কৰা পৰিপ্ৰেক্ষিতত কেইবা গৰাকী APHLCৰ সদস্যক আটক কৰে আৰক্ষীয়ে৷

লগতে পঢ়ক-মন্ত্ৰী বিধায়কৰে ফটো তুলি প্ৰৱঞ্চনাৰ জাল পতা মৃদুপৱন নেওগ পলাতক

উল্লেখ্য যে আৰক্ষীৰ এই পদক্ষেপক ফেচিষ্ট কাৰ্য বুলি অভিহিত কৰি চৰকাৰে শীঘ্ৰে কাৰ্বি চুক্তি বাতিল কৰক অন্যৰ্থাই পাহাৰীয়া জিলাখনৰ অসম চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি মন্তব্য সংগঠনটোৰ নেতৃত্বই৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply