মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটাৰ মাকুমত ব্যক্তি সন্ধানহীন। মাৰ্ঘেৰিটা ৩নং মাকুম পথাৰস্থিত ৰাজেশ কালুবাৰ(৪৫) নামৰ বিবাহিত ব্যক্তিজন ২৬ ডিচেম্বৰ পৰা সন্ধানহীন হৈ আছে।

পুৱা ৯ বাজি ৩০ মিনিটত নিজ গৃহৰ পৰা পাইনাৰমিলৰ ফালে ওলাই গৈছিল ব্যক্তি গৰাকী।

পৰিয়ালৰ লোকে ইতিমধ্যেই মাৰ্ঘেৰিটা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও এই মূহুৰ্ত্বলৈকে কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই ব্যক্তি গৰাকীৰ।

লগতে পঢ়কঃমিনি কলনীৰ প্ৰকল্পৰ কামৰ শুভ উদ্বোধন

এজন পুত্ৰ আৰু এগৰাকী কন্য়া সন্তানৰ পিতৃ ৰাজেশ কালুবাৰ পেচাত এজন শ্ৰমিক। তেওঁৰ উচ্চতা ৫ ফুট ৫ ইঞ্চি, গাৰ বৰণ মাগুৰ বৰণীয়া।

ৰাজেশৰ সন্ধানহীন হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। কোনো লোকে ৰাজেশৰ সন্ধান পালে ৯৩৯৫০৯১২২৬ ম’বাইল নম্বৰত আৰক্ষী নতুবা পৰিয়ালৰ লোকক খবৰ দিবলৈ আহ্বান কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply