মৰাণ, স্বপনীল দেউৰী: শিৱসাগৰৰ জিলাৰ পশ্চিম বকতাত বানে ধাৰণ কৰিছে সংহাৰী ৰূপ ৷ দিচাং আৰু দিৰৈ নদীৰ পানীয়ে মহাসাগৰলৈ পৰিণত কৰিছে পশ্চিম বকতাৰ বহু কেইখন গাওঁ। 

কিন্তু এই সকল লোকৰ খবৰ ল’বলৈ আহৰি নাই জনপ্ৰতিনিধি তথা চৰকাৰী বিষয়া-কৰ্মচাৰীৰ ৷ বৃহত্তৰ পশ্চিম বকতাৰ প্ৰায় ২০ খনতকৈ অধিক গাওঁ বৰ্তমান বানপানীৰ কৱলত। 

বহুকেইখন গাঁৱৰ সংযোগী পথৰ ওপৰেদি বাগৰিছে পানী, খেতিপথাৰ হৈছে জলমগ্ন । বিশেষভাৱে বানত অঞ্চলটোৰ বাট-পথসমূহ বুৰ যোৱাত যাতায়াতৰ ক্ষেত্ৰত ৰাইজ সমুখীন হৈছে ভীষণ সমস্যাৰ। 

আনহাতে, কৃষক ৰাইজৰ শালি খেতিৰ কঁঠিয়া বানত বুৰ যোৱাৰ ফলত নষ্ট হোৱাৰ সম্ভাৱনা প্ৰৱল হৈ পৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply