জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ দুইনং বৰদিকৰাইস্থিত নামেৰী বনভোজস্থলীলৈ নামি আহিছে অশনি সংকেত৷ বৰদিকৰাই নদীৰ ব্যাপক খহনীয়াৰ কবলত পৰিছে নামেৰী বনভোজস্থলী৷ ইতিমধ্যে পাচঁশৰো অধিক বিঘা ভূমি গৰাখহনীয়াৰ কবলত পৰাৰ পাচত অৱশিষ্ট ৰৈ যোৱা অংশও সম্প্ৰতি পানীত নিশ্চহ্ন হৈ পৰাৰ আংশকা কৰিছে স্থানীয় ৰাইজে৷

উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অপৰূপ সৌন্দৰ্য্যৰে ভৰা এই নামেৰী বনভোজস্থলীলৈ হেজাৰ-হেজাৰ ৰাইজ বনভোজ খাবলৈ আহিছিল যদিও সম্প্ৰতি এই বনভোজ স্থলীলৈ ভাবুকী আহি পৰিছে ৷ যোৱা সময়চোৱাত এই বনভোজস্থলী সুৰক্ষাৰ বাৱে চৰকাৰে এক কোটি বিশ লাখ টকা আবণ্টন দি বড়ো উপাধিৰ এগৰাকী ব্যক্তিক কামৰ ঠিকা দিছিল যদিও ঠিকাদাৰ গৰাকীয়ে আজি কোপতি কামত হাত নিদিয়াত ক্ষোভত ফাটি পৰিছে স্থানীয় ৰাইজ ৷ ৰাইজে অতিশীঘ্ৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ বাৱে ৰাজ্য চৰকাৰক দাবী জনাইছে৷

লগতে পঢ়কঃদ্বিতীয় দিনাও সন্ধান নাই ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হোৱা চাৰিজন লোকৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply