লখিমপুৰ: সমহাৰত সম বেতন বিচাৰি লখিমপুৰত গীতেৰে আহ্বান এন এইচ এমৰ কৰ্মচাৰীৰ।
নগৰৰ ত্যাগক্ষেত্ৰৰ সন্মুখত সমবেত হৈ এন এইচ এমৰ এ এন এম সকলৰ একাংশই ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ সমহাৰত বেতন দিবলৈ মূখ্যমন্ত্রীক আহ্বান জনায়। কেৱল কথাৰে নহয়। গীতেৰে ও তেওলোকে এই আহ্বান জনায়।
ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ সমানে কাম কৰিও মাত্র কেইহেজাৰমান টকা দৰমহা পোৱা এই কৰ্মচাৰী সকলৰ আন চাকৰিৰ বাবেও বয়স উকলি গল।
কোনো চৰকাৰী আচনিয়ে ঢুকি নোপোৱা এই সকল কৰ্মচাৰী য়ে বৰ যাতনাৰে জীৱন নিৰ্বাহ কৰিব লগীয়া হৈছে।
সেয়েহে মুখ্যমন্ত্রীৰ বিশ্বনাথ আৰু ধেমাজি জিলা ভ্ৰমণৰ সময়তে লখিমপুৰত এই কৰ্মচাৰী সকলে গীতেৰে কথাৰে তেওলোকৰ চাকৰি নিয়মীয়া কৰণ কৰা, ৰাজ্যিক কৰ্মচাৰী ৰে সমহাৰত দৰমহা দিয়াৰ বাবে মুখ্যমন্ত্রীক আহ্বান জনায়।

লগতে পঢ়ক-দেৰগাঁৱত নৃসংশ হত্যাকান্ড,দুজনক আটক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply