NLFBৰ মুৰব্বী এম বাথাসহ ২৩ জন উগ্ৰপন্থীৰ আত্মসমৰ্পণ

ওদালগুৰি : অবশেষত আত্মসমৰ্পণ কৰিলে এনএলএফবি ৰ মুৰব্বী এম বাথাই ।
ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তত আত্মসমৰ্পণ কৰিলে বাথাই। ওদালগুৰি জিলাৰ মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তত NLFB গোটৰ সেনাপ্ৰধান এম বাথা ওৰফে বিনোদ মুচাহাৰী, সভাপতি আই বি বিথোনগৰা ওৰফে বিক্ৰম ইছলাৰী, উপাধ্যক্ষ বকো বসুমতাৰী ওৰফে ভবেন বসুমতাৰী নেতৃত্বত গোটটোৰ সৰ্বমুঠ ২৩ জন সদস্যই আজি আত্মসমৰ্পণ কৰে। বাথা মূলসুঁতিলৈ ঘূৰি অহাত আদৰণি জনাইছে গাঁওবাসীয়ে।

এম বাথাৰ আত্মসমৰ্পণ অনুষ্ঠানত উপস্থিত থকা ৰাজ্য চৰকাৰৰ প্ৰতিনিধি মন্ত্ৰী পিয়ুষ হাজৰিকাই কয়, ‘ঘৰৰ ল’ৰা ঘৰলৈ ঘূৰি আহিছে’ | বৰ্তমান ২৩গৰাকী আহিছে। বাকী থকা সকলো সোনকালেই ঘূৰি আহিব। মুখ্যমন্ত্ৰীৰ শান্তিৰ আহ্বানৰ প্ৰতি সমৰ্থন কৰি তেওঁলোক ঘূৰি অহাৰ বাবে ধন্যবাদ জনাইছো।’
আত্মসমৰ্পণৰ সময়ত মন্ত্ৰী পীয়ুষ হাজৰিকাৰ লগতে বিটিচি মুৰব্বী প্ৰমোদ বড়ো উপস্থিত থাকে।

বড়োভূমিত নতুনকৈ জন্মলাভ কৰা বিদ্ৰোহী সংগঠন নেছনেল লিবাৰেছন ফ্ৰণ্ট অব বডোলেণ্ড চমুকৈ NLFB ৰ নেতা এম বাথাকলৈ ৰাজ্য চৰকাৰৰ মূৰ কামোৰণিৰ সৃষ্টি হৈ থকাৰ সময়তে এই আত্মসমৰ্পণ আশাব্যঞ্জক খবৰ ।উল্লেখ্য ২০২০ চনৰ জানুৱাৰী মাহত তৃতীয় বড়ো শান্তি চুক্তি স্বাক্ষৰৰ জৰিয়তে NDFB -এ অস্ত্ৰ পৰিহাৰ কৰাৰ পিছতে সেই সময়ৰ NDFB ৰ দুৰ্ধৰ্ষ নেতা বাথায়ো আত্মসমৰ্পন কৰিছিল।
কিন্তু পিছত তেওঁ পুনৰ অৰণ্যলৈ উভতি গৈছিল আৰু চলিত বৰ্ষৰ মাৰ্চ মাহত NLFB নামৰ নতুন বিদ্ৰোহী সংগঠনটোৰ জন্ম দিছিল।
বড়োভূমিক পুনৰ ৰক্তাক্ত কৰাৰ যড়যন্ত্ৰত লিপ্ত হোৱা NLFB ৰ নেতা বাথাক ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা নিয়াই মষ্ট ৱাণ্টেড ঘোষণা কৰাৰ লগতে তেওঁৰ মূৰৰ মূল্য ১০ লাখ টকা নিৰ্ধাৰণ কৰি দিছিল।

লগতে পঢ়ক এ পি এছ চি কেলেংকাৰীৰ মূল অভিযুক্ত ৰাকেশ পালে জামিন লাভ কৰিলে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply