অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ নিজ কন্যাক হত্যা পিতৃৰ

সোণাৰি : সোণাৰিৰ চফ্ৰাই চাহ বাগিচাৰ চিংলো লাইনৰ এটি শিশুৰ মৃতদেহ উদ্ধাৰক লৈ এতিয়া তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে সমগ্ৰ চৰাইদেউ জিলাত। আনহাতে চফ্ৰাই চিংলো লাইনৰ বাসিন্দা আণ্টা মুণ্ডাই নিজ কন্যাক ডিঙি চেপি হত্যা কৰাৰ পাছত নদীত পেলাই দিয়াৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকৰ লগতে চৰাইদেউ আৰক্ষীয়ে।

প্ৰাপ্ত তথ্য অনুসৰি চিংলো লাইনৰ বাসিন্দা আণ্টা মুণ্ডাৰ চাৰি বছৰীয়া কন্যা প্ৰিয়া মুণ্ডা শুই থকা অৱস্থাতে কোনো দুৰ্বৃত্তই ন আগষ্টৰ নিশা ঘৰৰ বেৰা ভাঙি অপহৰণ কৰা বুলি স্থানীয় গাওঁৰক্ষী বাহিনীক অৱগত কৰাত গাওঁৰক্ষী বাহিনীয়ে চফ্ৰাই আৰক্ষীৰ সহযোগত বিচাৰ খোচাৰ কৰে ।

দহ আগষ্ট অৰ্থাৎ মঙ্গলবাৰে সোণাৰি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰাৰ লগতে সন্ধিয়া চিংলো নদীত শিশুটিৰ মৃতদেহ উদ্ধাৰ হোৱাত পিতৃ আন্তা মুণ্ডা সহ এঘাৰ জন লোকক সোধাপোছা কৰিবলৈ লৈ আহে সোণাৰি আৰক্ষী থানালৈ। ঘটনা সন্দৰ্ভত আটাইকে পৃথকে পৃথকে সোধাপোছা কৰা অন্তত আৰক্ষীয়ে আন্তা মুণ্ডা, বগাধৰ মুণ্ডা আৰু ৰাজু মুণ্ডাৰ বাদে আন লোকসকলক এৰি দিয়ে।

উল্লেখ্য যে চিংলো নদীত উদ্ধাৰ হোৱা মৃতদেহটোৰ কাষত পূজাৰ সামগ্ৰী উদ্ধাৰ হোৱালৈ চায় শিশুটিক বলি দিয়া হৈছিল বুলি প্ৰাৰম্ভিক পৰ্যায়ত সন্দেহ কৰা হৈছিল যদিও প্ৰকৃততে কি পৰিস্থিতিত পৰি শিশুটিৰ মৃত্যু হৈছিল সেই কথা পোহৰলৈ অহা নাছিল। ইফালে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে চলোৱা অনুসন্ধানত এতিয়া পোহৰলৈ আহিছে কিছু তথ্য।

সেই তথ্য অনুসৰি চিংলো লাইনৰ বাসিন্দা আণ্টা মুণ্ডাই চফ্ৰাই চাহ বাগিচাৰ একে লাইনৰে বাসিন্দা বগাধৰ মুণ্ডাৰ প্ৰৰোচনাত পৰি অন্ধবিশ্বাসৰ বশৱৰ্তী হৈয়েই হত্যা কৰিছিল নিজ কন্যাক। জানিব পৰা মতে বগাধৰ মুণ্ডা নামৰ লোকজনে ঘৰতে কালি থান স্থাপন কৰি কালিৰ সাধনা অব্যাহত ৰাখিছিল। এইগৰাকী কালি সাধকৰ পৰামৰ্শ অনুসৰি আন্তা মুণ্ডাৰ পৰিয়ালৰ দুখ-দুৰ্গতি নাশ হ’বলৈ সোমবাৰে নিশা বগাধৰ মুণ্ডাৰ কালি থানত এক বিশেষ পূজা অনুষ্ঠিত কৰি ডিঙি চেপি হত্যা কৰিছিল নিজ কন্যাক।

এই কাৰ্যত সহায় কৰিছিল আনগৰাকী যুৱক ৰাজু মুণ্ডাই। আনহাতে এই নাৰকীয় কাণ্ড সন্দৰ্ভত আজি চৰাইদেউ আৰক্ষীয়ে চফ্ৰাই চাহ বাগিচাত এক অভিযান চলাই শিশুটিৰ মৃতদেহ উদ্ধাৰ হোৱা চিংলো নদীৰ পাৰৰ পৰা পূজাত ব্যৱহাৰ হোৱা সামগ্ৰী তথা অভিযুক্ত লোক তিনিজনৰ কাপোৰ আদি উদ্ধাৰ কৰাৰ লগতে সোণাৰি আৰক্ষী থানাত ১৬২/২১ নম্বৰত গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ ৪৫৭, ৪৪৮, ৩৬৩(a) ধাৰাৰ অধীনত তদন্ত অব্যাহত ৰাখিছে।

লগতে পঢ়ক আপুনিয়েই অসমৰ একমাত্ৰ মহাত্মা গান্ধী , কাক ক’লে মুখ্যমন্ত্ৰীয়ে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply