নগাঁও কাগজ কল

নিউজ ডেস্ক: কাগজ কলৰ কৰ্মচাৰী সকলক আবাস খালী কৰাৰ নিৰ্দেশ দিয়াৰ পিছত এতিয়া নগাঁও আৰু কাছাৰ কাগজ কলত হাহাকাৰ লাগিছে ।
১৫ দিনৰ ভিতৰত তেওলোকক আবাস খালী কৰাৰ নিৰ্দেশ দিয়া ঘটনাক লৈ উতপ্ত আবাসীসকল । নিৰ্দেশটোত
১৫ দিনৰ ভিতৰত কাগজ কলৰ আবাস গৃহ সমূহৰ বিদ্যুৎ সংযোগ কৰ্তন কৰাৰ কথাও উল্লেখ কৰা হৈছে ।


এই নিৰ্দেশনাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । আবাসীসকলৰ মন্তব্য তেওলোকৰ পাপ্য সকলো আদায় দিয়ক তাৰ পিছতহে তেওলোকে সেই স্থান এৰিব । নহলে পৰিস্থিতি বিষম হ’ব বুলি মন্তব্য কৰিছে নগাঁও কাগজ কলৰ কৰ্মচাৰী আৰু তেওলোকৰ পৰিয়ালে ।

২০১৭ চনৰ পৰা বন্ধ হৈ থকা কাগজ কল দুটাৰ সম্পৰ্কত মন্ত্ৰী পিযুষ হাজৰিকাই কয়, “বৰ্তমানৰ চৰকাৰৰ সৈতে এতিয়ালৈকে কাগজ কলৰ কৰ্মচাৰী, বিষয়া সন্থাৰ চাৰিবাৰকৈ আলোচনা হৈছে ।

উক্ত আলোচনাত বিষয়া কৰ্মচাৰী সকলে তেওলোকৰ পাপ্য ৫৩০ কোটি টকা আৰু কিছু অতিৰিক্ত ধন তেওলোকে বিচাৰিছে । ৰাজ্য চৰকাৰে উক্ত ধন সমূহ মোকলাই দিয়াত সহমত পোষণ কৰিছে আৰু সংগঠন কেতিয়াও মান্তি হৈছিল ।

ইয়াৰ লগতে ৰাজ্য চৰকাৰে ১০০ কাগজ কলৰ কৰ্মচাৰীৰ সন্তানক ৰাজ্য চৰকাৰৰ চাকৰিত মকৰল কৰিব । ইয়াৰ বিপৰীতে কৰ্মচাৰীসকলে মাটিখিনি এৰি দিব লাগিব বুলি কোৱা হৈছিল ।”

ৰাজ্য চৰকাৰৰ সৈতে হোৱা আলোচনাত পাপ্য সমূহ দিয়াৰ পিছতহে আবাসগৃহ খালী কৰাৰ কথা আছিল যদিও এতিয়া কোনো পাপ্য নিদিয়াকৈ নগাঁও আৰু কাছাৰ কাগজ কলৰ আবাসীলৈ জাননী জাৰী কৰি কোৱাটাৰ খালী কৰাৰ নিৰ্দেশ দিছে লিকুইডেটৰ কুলদ্বীপ বাৰ্মাই । এই নিৰ্দেশ অমান্য কৰিলে আইনী ব্যবস্থা লোৱা হব বুলিও জনাইছে ।

লগতে পঢ়ক ক’ভাক্সিন লৈ বিপদত এতিয়া ছাত্ৰ ছাত্ৰী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply