লামডিঙ : লামডিঙত ড্ৰাগছসহ গ্ৰেপ্তাৰ হ’ল ৰে’ল বিভাগৰ কৰ্মচাৰী। আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত এজন ৰে’ল বিভাগৰ কৰ্মচাৰীৰ লগতে অন্য দুজন ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ। তিনিওজন ড্ৰাগছ সৰবৰাহকাৰীৰ কবলৰ পৰা জব্দ হৈছে ড্ৰাগছ।

ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ অভিযান। আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অধিক তৎপৰ হৈ প্ৰতিদিনে চলাই গৈছে অভিযান। ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে বহু ড্ৰাগছ সৰবৰাহকাৰী। জব্দ হৈছে বৃহৎ পৰিমাণৰ বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ।

এইবাৰ হোজাই জিলাৰ লামডিঙত এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে তিনিজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এই ড্ৰাগছ সৰবৰাহকাৰী তিনিজনৰ ভিতৰত এজন ৰে’ল বিভাগৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক : চাৰিদুৱাৰৰ পৰা হায়দৰাবাদলৈ ৰপ্তানি অসমৰ থলুৱা ফলমূল

আৰক্ষীয়ে অভিযানত ড্ৰাগছ সৰবৰাহকাৰী কেইজনৰ কবলৰ পৰা ব্ৰাউন ছুগাৰ ভৰ্তি সাতটাকৈ কন্টেইনাৰ জব্দ কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইজন হৈছে ক্ৰমে বাবুল দে, নৱৰাজ চক্ৰৱৰ্তী আৰু সঞ্জীৱ দে। ইয়াৰে বাবুল দে ৰে’ল বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply