নিউজ ডেস্কঃ ২০২২ বৰ্ষত কাজিৰঙাত শূন্য গড় হত্যা যি ৰেকৰ্ড সেয়া যেন এই বৰ্ষত অব্যাহত নাথাকিল।

প্ৰায় চাৰিটা বছৰ পিছত কাজিৰঙাত পুনৰ সংঘটিত হৈছে গঁড় হত্যা। ৰাষ্ট্রীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ কাঠপৰা শিবিৰ এলেকাত এই ঘটনা সংঘটিত হৈছে।

চোৰাং চিকাৰীয়ে গঁড়টোক হত্যা কৰি খৰ্গ কাটি লৈ উধাও হৈছে ইতিমধ্যে।

DFO ৰমেশ কুমাৰ গগৈয়ে জনোৱা অনুসৰি, গড়টোক চোৰাং-চিৰাকীয়ে ৪-৫ দিন পূৰ্বে হত্যা কৰাৰ সন্দেহ কৰিছে। কিন্তু এই বিষয়ে বন আৰক্ষীয়ে খুত এটাও গম নাপালে।

দেওবাৰেহে বন বিভাগে দিনৰ ভাগত খৰ্গবিহীন গঁড়ৰ মৃতদেহ বাগৰি বনাঞ্চলৰ পৰা উদ্ধাৰ কৰে।

উল্লেখযোগ্য যে, দেশৰ ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মু ৬ এপ্ৰিলত কাজিৰঙা ভ্ৰমণৰ বাবে আহিব। লগতে, কাজিৰঙাত অনুষ্ঠিত হ’বলীয়া গজ মহোৎসৱত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। ৰাষ্ট্ৰপতি ভ্ৰমণৰ পূৰ্বে এনে গড়ৰ হত্যাই এতিয়া কাজিৰঙা বন বিভাগৰ মাজত হুৱাদুৱা লগা পৰিলক্ষিত হৈছে।

সম্প্ৰতি বন বিভাগে এতিয়া গড় হত্যাৰ সমন্ধে তথ্য উদঘাটন কৰাত ব্যস্ত হৈছে পৰিছে বুলি DFO ৰমেশ কুমাৰ গগৈয়ে জানিবলৈ দিয়ে।

লগতে পঢ়ক – তিব্বতৰ তৃতীয় ধৰ্মগুৰু হিচাপে মংগোলিয়াৰ আঠ বছৰীয়া এটি শিশু নিৰ্বাচিত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply