দক্ষিণ শালমাৰা : ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা ৰাজহ চক্ৰ এলেকাৰ অধীনত থকা ফকিৰগঞ্জ, পামপাৰা-চতলাৰপাৰ, ৰাভাটাৰী আৰু বাউসকাটা গাঁও পঞ্চায়তত বিগত প্ৰায় দুটা মাহৰ ভিতৰত পাঁচখনকৈ চৰকাৰী বিদ্যালয়, কেইবাটাও চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান, বজাৰ আৰু দোকান-পোহাৰৰ লগতে ডেৰ সহস্ৰাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ নদীৰ বুকুত যোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ আতংকৰ সৃষ্টি কৰিছে। চৰকাৰ তথা প্ৰশাসন বৰ্তমানলৈকে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজে জনপ্ৰতিনিধি, চৰকাৰ তথা জিলা প্ৰশাসনৰ ওপৰত ক্ষোভিত হৈ পৰা পৰিলক্ষিত হয়।

উল্লেখযোগ্য যে প্ৰতি বছৰে ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগে লগে দক্ষিণ শালমাৰা সমষ্টিৰ ঠায়ে ঠায়ে আৰম্ভ হয় ভয়ংকৰ গৰাখহনীয়া। এইবাৰো নদীত পানী বৃদ্ধি পোৱাৰ লগে লগে ভয়াবহভাৱে গৰাখহনীয়া আৰম্ভ হোৱাত ঠায়ে ঠায়ে নৈপৰীয়া লোকৰ মাজত আতংকৰ সৃষ্টি হৈছে। বিশেষকৈ জিলাখনৰ দক্ষিণ শালমাৰা সমষ্টিৰ দক্ষিণ শালমাৰা ৰাজহ চক্ৰ এলেকাৰ অধীনত থকা ফকিৰগঞ্জ, পামপাৰা-চতলাৰপাৰ, ৰাভাটাৰী আৰু বাউসকাটা গাঁও পঞ্চায়ত এলেকাত এইবাৰ বানৰ পূৰ্বে গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ফকিৰগঞ্জ গাঁও পঞ্চায়ত এলেকাৰ অধীনত থকা ডাকোৰভিটা, নয়াপাৰা গাঁও নদীৰ বুকুত জাহ যোৱাৰ লগতে নয়াপাৰা আৰু সোনাৰপাৰ চৰকাৰী প্লেটফৰ্ম দুখনো নদীৰ বুকুত জাহ যায়।

একেদৰে পঞ্চায়তখনৰ অধীনত থকা ফকিৰগঞ্জ ছোৱালী হাই স্কুল, ফকিৰগঞ্জ ছোৱালী এম ই স্কুল, নয়াপাৰা এল পি স্কুলখন ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ কবলত পৰাত বিদ্যালয় তিনিখনৰ ভেটি নদীৰ বুকুত জাহ যোৱাত বিদ্যালয় তিনিখন কতৃপক্ষই কোনোমতে স্থানান্তৰ কৰি আন এটা স্থানত বিদ্যালয় গৃহৰ লগতে আচবাব পাত্ৰ জমা কৰা পৰিলক্ষিত হৈছে। কেবল ফকিৰগঞ্জ এলেকাতেই প্ৰায় তিনি শতাধিক পৰিয়াল এইবাৰ গৰাখহনীয়াৰ কবলত পৰি গৃহহীন হৈ দিশ বিদিশ হেৰুৱাই পেলোৱা পৰিলক্ষিত হৈছে। একেদৰে ফকিৰগঞ্জ গাঁও পঞ্চায়তৰ সংলগ্ন পামপাৰা চতলাৰপাৰ গাঁও পঞ্চায়তত গৰাখহনীয়াই আৰু অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। ফলত পঞ্চায়তখনৰ অধীত থকা চতলাৰপাৰ ডালিপাৰা, পামপাৰা ছোট গলাদিগী আৰু পামপাৰা বড় গলাদিগী, বালিপাৰা গাঁও নদীৰ বুকুত বিলীন হৈ প্ৰায় চাৰি শতাধিক পৰিয়াল গৃহহীন হৈ পৰিছে।

পঞ্চায়তখনত বিগত প্ৰায় চাৰি-পাঁচ বছৰে গৰাখহনীয়া অব্যাহত থকাৰ ফলত পঞ্চায়তখনৰ প্ৰায় ৮০ শতাংশ এলেকা ব্ৰহ্মপুত্ৰ নদীৰ বুকুত বিলীন হৈ গৈছে। পামপাৰা-চতলাৰপাৰ বজাৰত থকা দুই শতাধিক দোকানও নদীৰ বুকুত জাহ যোৱাত ব্যৱসায়ী সকলে বৃহৎ লোকচানৰ সম্মুখীন হ’বলগীয়া হৈছে। গৃহহীন পৰিয়ালে কোনোমতে মথাউৰী, চৰকাৰী প্লেটফৰ্ম, একাংশ লোকৰ কৃষিভূমিত আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে। এই পঞ্চায়তখনৰ অধীনত থকা বাউসকাটা প্ৰজাবন্ধু এম ই স্কুল, কাশাৰিপাৰা এল পি স্কুল নদীৰ বুকুত জাহ যোৱাত শিক্ষাৰ্থী সকলৰ ভৱিষ্যত অন্ধকাৰৰ দিশে গতি কৰিছে। ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে বিদ্যালয়সমূহ বিগত প্ৰায় দুবছৰে বন্ধ হৈ থকাৰ মাজত এইদৰে দুখনকৈ পঞ্চায়ত এলেকাত পাঁচখনকৈ চৰকাৰী বিদ্যালয় নদীৰ বুকুত বিলীন হৈ যোৱাত শিক্ষাৰ্থী সকলৰ শৈক্ষিক জীৱনৰ প্ৰতিও ভাবুকি অহা পৰিলক্ষিত হৈছে।

আনহাতে ৰাভাটাৰী গাঁও পঞ্চায়ত এলেকাৰ অধীনত থকা মাটিফাটা বজাৰৰ কিছু অংশ ইতিমধ্যে নদীৰ বুকুত জাহ যোৱাৰ লগতে বজাৰখন গৰাখহনীয়াৰ কবলত পৰিছে। মাটিফাটা জামে মছজিদ, দাৰুল উলুম মাদ্ৰাছা চতলাৰপাৰ-মাটিফাটা ইতিমধ্যে নদীৰ বুকুত জাহ যোৱাৰ লগতে পঞ্চায়তখনৰ অধীনত থকা সূৰ্যমনি বালিপাৰা গাঁওখন সম্পূৰ্ণৰূপে নদীৰ বুকুত জাহ গৈ অঞ্চলটোৰ প্ৰায় ৭ শতাধিক পৰিয়াল গৃহহীন হৈ পৰিছে। প্ৰায় প্ৰতিদিনে পঞ্চায়তখনৰ অধীনত থকা নৈপৰীয়া ৩০ টাতকৈ অধিক পৰিয়াল গৃহহীন হ’বলগীয়া হৈছে।

লগতে পঢ়ক : আৰক্ষী-চিআৰপিএফৰ অভিযানত ড্ৰাগছসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী

তদুপৰি পঞ্চায়তখনৰ সংলগ্ন বাউসকাটা গাঁও পঞ্চায়ত এলেকাৰ বৰকলিয়া দ্বিতীয় খণ্ড গাঁও, হাজিপাৰা আদি গাঁও নদীৰ বুকুত জাহ গৈ প্ৰায় ৩ শতাধিক পৰিয়াল গৃহহীন হৈ পৰিছে। দক্ষিণ শালমাৰা সমষ্টিত এইদৰে এটাৰ পিছত আন এটা গাঁও, চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান, দোকান-পোহাৰ আদি নদীৰ বুকুত জাহ যোৱাৰ লগতে প্ৰায় ডেৰ সহস্ৰাধিক পৰিয়াল বিগত প্ৰায় দুই মাহৰ ভিতৰত গৃহহীন হোৱাৰ পিছতো ধুবুৰী জিলা প্ৰশাসনৰ ফালৰ পৰা গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কোনো ধৰণৰ ব্যৱস্থা এতিয়ালৈ লোৱা হোৱা নাই। স্থানীয় বিধায়ক ওৱাজেদ আলী চৌধুৰী মাজে সময়তে এলেকা সমূহলৈ আহি পৰিদৰ্শন কৰি প্ৰতিশ্ৰুতি দিয়ে দায়িত্ব সামৰা পৰিলক্ষিত হৈছে। একদৰে এআইইউডিএফ দলৰ ৰাজধানীস্বৰূপ দক্ষিণ শালমাৰা সমষ্টিৰ বাবে সাংসদ মৌলানা বদৰুদ্দিন আজমলো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply