গুৱাহাটী : প্ৰাক্তন আলফা নেতা জিতেন দত্তৰ সপোন বাস্তৱ হোৱাৰ দিশত আৰু এখোজ আগুৱাই আহিল। স্বাধীন অসমৰ সপোন চকুতলৈ হাবিৰ মাজলৈ যোৱা জিতেন দত্তৰ চকুত এতিয়া আত্মনিৰ্ভৰশীল অসম গঢ়াৰ সপোন। সাৰথি মাৰ্টৰ জড়িত জিতেন দত্তই গঢ়িব আত্মনিৰ্ভৰশীল অসম।

দেওবাৰে গণেশগুৰিত মুকলি কৰা হ’ল প্ৰাক্তন আলফা নেতা জিতেন দত্তৰ সপোনক বাস্তৱ ৰূপত ৰূপান্তৰ কৰাৰ চেষ্টাৰ সাৰথি মাৰ্টৰ তৃতীয়খন বিপনী। নালবাৰী আৰু ডিগবইৰ পিছত গুৱাহাটীৰ গণেশগুৰিত তৃতীয়খন সাৰথি মাৰ্ট মুকলি কৰা হয়।

সাৰথি মাৰ্টৰ অসমৰ তৃতীয়খন আৰু গুৱাহাটীৰ প্ৰথমখন বিপনী মুকলি কৰে পশুধন আৰু কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই। মুকলি অনুষ্ঠানত উপস্থিত থাকে অসমীয়া ছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰী ভ্ৰান্তি মেধী, অভিনেতা বিক্ৰমানজিত হাজৰিকা আৰু বাণিজ্য উদ্যাগৰ অধ্যক্ষ সুনিল ডেকা।

অসমৰ যুৱক-যুৱতী সকল আত্মনিৰ্ভৰশীল হোৱাৰ বাবে আগুৱাই আহিছে। অসমৰ যুৱক-যুৱতী সকলে উৎপাদন কৰা থলুৱা সামগ্ৰী সমূহৰ বিক্ৰীৰ বাবে এখন উপযুক্ত বজাৰ প্ৰদান কৰাৰ উদ্দেশ্যে জিতেন দত্তৰ নেতৃত্বত গঢ়লৈ উঠিছে সাৰথি মাৰ্ট। গুৱাহাটীত মুকলি কৰা বিপনীখনত উপলব্ধ আছে বিভিন্ন প্ৰকাৰৰ আচাৰ, বৰা চাউল, জহা চাউলৰ লগতে থলুৱাভাৱে প্ৰস্তুত কৰা বহু সামগ্ৰী।

লগতে পঢ়ক :  পথ দুৰ্ঘটনাত শিশুসহ ৮ জনকৈ লোক আহত

বৰ্তমান তিনিখন বিপনী মুকলি কৰা হৈছে যদিও সমগ্ৰ অসমত সাৰথি মাৰ্টৰ ১০০ খন বিপনী মুকলি কৰাৰ লক্ষ্য জিতেন দত্তৰ। এই বিপনী সমূহৰ জড়িত অসমৰ হাজাৰ হাজাৰ লোক অৰ্থনৈতিকভাৱে স্বাৱলম্বী উঠিলেই জিতেন দত্তৰ সপোন বাস্তৱত ৰূপান্তৰিত হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply