তেজপুৰঃ একমাত্ৰ বেপাৰৰ স্বাৰ্থতেই চৰকাৰ – প্ৰশাসনৰ নীতি-নিৰ্দেশনাক ভৰিৰে মোহাৰি এগৰাকী গাঁও পঞ্চায়তৰ সভানেত্ৰী স্বত্বাধিকাৰী হিচাপে থকা তেজপুৰৰ এখন বিদ্যালয়খনে সম্পূৰ্ণ ক’ভিড প্ৰট’কল উলংঘা কৰি দীৰ্ঘদিন ধৰি নিয়মীয়াকৈ পাঠদান কৰি অহা ঘটনাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উল্লেখ্য যে, কৰোণা অতিমাৰীৰ ভয়াবহতাৰ বাবে সম্পূৰ্ণ ক’ভিড প্ৰটকলৰ মাজত বৰ্তমানে মাত্ৰ দশম শ্ৰেণীলৈকেহে পাঠদানৰ অনুমতি স্বাস্হ্য বিভাগৰ এছ অ’ পিৰ জৰিয়তে প্ৰদান কৰিছে যদিও তেজপুৰৰ নিকটৱৰ্তী শ’লমৰাৰ “শ’লমৰা শিশু বিদ্যাপীঠ” নামৰ স্থানীয় গাঁও পঞ্চায়তৰ সভানেত্ৰী মাৰ্জিনা বেগম নামৰ মহিলাগৰাকীৰ মালিকানাধীন বিদ্যালয়খনে চৰকাৰ – প্ৰশাসনলৈ অংগুষ্ঠ প্ৰদৰ্শন কৰি কণ কণ শিশুৰ জীৱনক লৈ হেতালি খেলি বিদ্যালয় চলাই নিয়াৰ কাৰ্যত স্থানীয় ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

লগতে পঢ়কঃবিধায়কে থানাৰ পৰা উলিয়াই নিয়া দুই মাটিৰ দালাল পুনৰ আৰক্ষীৰ জিম্মাত

মুখত কোনো ধৰণৰ মাক্স আদি পৰিধান নকৰাকৈ, কোনো ধৰণৰ শাৰিৰীক ব্যৱধান নথকাকৈ বিদ্যালয়খনৰ কৰ্তৃপক্ষই একমাত্ৰ ধন ঘটাৰ লালসাতেই এনেদৰে পাঠদানৰ নামত চৰকাৰৰ নীতি নিয়ম জলাঞ্জলি দিয়া কাৰ্যৰ বাবে এতিয়া জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব সেইয়া সময়তহে লক্ষণীয় হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply