গুৱাহাটী: গুৱাহাটীৰ এক আগশাৰীৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান, ৰ’য়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ অহা ৩০ মাৰ্চত প্ৰথম সমাৱৰ্তন অনুষ্ঠিত হ’ব। বেতকুছিস্থিত বিশ্ববিদ্যালয়খনৰ নিজা চৌহদত অনুষ্ঠিত হ’ব লগীয়া সমাৱৰ্তনত ৰাজ্যপাল জগদীশ মুখীয়ে অংশগ্ৰহণ কৰিব।

বিশ্ববিদ্যালয়খনৰ আচাৰ্য্য ড০ অশোক কুমাৰ পানচাৰিয়ে উদ্ধোধন কৰিব লগীয়া সমাৱৰ্তন সমাৰোহখনত দিল্লী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য যোগেশ সিঙো উপস্থিত থাকিব বুলি সোমবাৰে অনুষ্ঠিত এখন সংবাদমেলত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক সঞ্জয় প্ৰতাপ সিঙে জানিব দিয়ে।

সমাৱৰ্তন অনুষ্ঠানত ভাৰত ৰত্ন সন্মানপ্ৰাপ্ত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বৈজ্ঞানিক অধ্যাপক চি এন আৰ ৰাও, সাহিত্যিক নগেন শইকীয়া আৰু উদ্যোগী সজ্জন ভজাংকক ডক্টৰেট উপাধি প্ৰদান কৰা হ’ব বুলি সংবাদমেলত সদৰী কৰা হয়।

এইবাৰৰ সমাৱৰ্তন অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ ২০১৯, ২০২০ আৰু ২০২১ বৰ্ষৰ ১৭২৩ গৰাকী ছাত্ৰ-ছাত্ৰীক শিক্ষান্ত উপাধি প্ৰদান কৰাৰ লগতে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ মাজৰ ৬১জনক স্বৰ্ণপদক আৰু ৫১জনক ৰূপৰ পদকৰে সন্মানিত কৰা হ’ব।

লগতে পঢ়ক – পাব্লিক আৰ্ট, বৃহৎ নদী বান্ধ আৰু নীলিম মহন্তৰ গ্ৰেপ্তাৰ; অংগ আৰ্ট কালেক্টিভৰ বিবৃতি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply