ৰাষ্ট্ৰসংঘৰ জনসংখ্যা পুঁজি (UNFPA)ৰ শেহতীয়া তথ্য অনুসৰি চীনতকৈ ২৯ লাখ জনসংখ্যা বেছি থকা ভাৰত বৰ্তমান বিশ্বৰ সৰ্বাধিক জনবহুল দেশ।

বুধবাৰে প্ৰকাশিত ‘৮ বিলিয়ন লাইভছ, ইনফিনিট পচিবিলিটিজ: দ্য কেছ ফৰ ৰাইটছ এণ্ড চয়ছ’ শীৰ্ষক ইউএনএফপিএৰ (UNFPA) ‘দ্য ষ্টেট অৱ ৱৰ্ল্ড পপুলেচন ৰিপ’ৰ্ট, ২০২৩ ত কোৱা হৈছে যে ভাৰতৰ জনসংখ্যা ১৪২ কোটি ৮৬ লাখৰ বিপৰীতে চীনৰ জনসংখ্যা ১৪২.৫৭ কোটি।

১৯৫০ চনৰ পিছত ৰাষ্ট্ৰসংঘই জনসংখ্যাৰ তথ্য সংগ্ৰহ মুকলি কৰিবলৈ আৰম্ভ কৰাৰ পিছতে পোন প্ৰথমবাৰৰ বাবে ভাৰতৰ জনসংখ্যাই চীনক অতিক্ৰম কৰিছে।

২০২৩ৰ মাজভাগতে চীনক অতিক্ৰম কৰিলে ভাৰতে। বিগত বৰ্ষত এইপৰ্যন্ত দেশত ১.৫৬ শতাংশ জনসংখ্যা বৃদ্ধি হৈছে। ইয়াৰে ৬৮ শতাংশই ১৫ৰ পৰা ৬০ বছৰ বয়সৰ লোক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply