নিউজ ডেস্ক : কমনৱেলথ গেমছৰ পৰা অসমৰ বাবে আহিছে বেয়া খবৰ। কমনৱেলথ গেমছত অন্ত পৰিল অসম কন্যা লাভলীনা বৰগোঁহাইৰ যাত্ৰা। কমনৱেলথ গেমছত স্বৰ্ণ পদক জয়ৰ স্বপ্ন পূৰণ নহল লাভলীনা বৰগোঁহাইৰ।

বুধবাৰে নিশাৰ ভাগত বাৰ্মিংহাম চলি থকা কমনৱেলথ গেছমৰ পৰা অসমৰ বাবে আহে বেয়া খবৰ। অসমৰ ক্ৰীড়া প্ৰেমী ৰাইজৰ স্বৰ্ণৰ সপোন পূৰণ নহ’ল। অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰা লাভলীনা বৰগোঁহাই পৰাস্ত হয় কোৱাৰ্টাৰ ফাইনেলত।

লগতে পঢ়ক –  তেজপুৰবাসীসকল সাংস্কৃতিক মনৰ অধিকাৰী : পীযুষ হাজৰীকা

কোৱাৰ্টাৰ ফাইনেলত ৱেলছৰ বক্সাৰ ৰজি একলেচৰ হাতত পৰাস্ত হয় অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোঁহাই। মহিলাৰ ৭০ কিলোগ্ৰাম ওজন শাখাত ৱেলছৰ বক্সাৰ ৰজি একলেচৰ হাতত ২-৩ ব্যৱধানত পৰাস্ত হয় লাভলীনা বৰগোঁহাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply