নিউজ ডেস্ক : এপ্ৰিল মাহৰ পৰাই দেশত সংহাৰী ৰূপ ধাৰণ কৰিছে মাৰাত্মক ক’ভিডে। প্ৰতিদিনে লাখ লাখ লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈ থকাৰ লগতে মৃত্যুৰ মুখত পৰি আছে হাজাৰ হাজাৰ লোক। বিগত কিছুদিন ধৰি দেশত ক’ভিডৰ তাণ্ডৱ কিছু নিয়ন্ত্ৰণলৈ আহিছে। দেশত হ্ৰাস পাবলৈ ধৰিছে ক’ভিডত নতুনকৈ আক্রান্ত হোৱা লোকৰ সংখ্যা। আক্রান্তৰ সংখ্যা কিছু নিয়ন্ত্ৰণলৈ আহিছে যদিও নিয়ন্ত্ৰণহীন হৈ আছে ক’ভিড ৰোগীৰ মৃত্যুৰ হাৰ।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেওবাৰে দেশত নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ২ লাখ ২২ হাজাৰ ৩১৫ জন লোক। আক্রান্তৰ সংখ্যা হ্ৰাস পাইছে যদিও দেওবাৰৰ দিনটোত দেশত মৃত্যুৰ মুখত পৰিছে ৪ হাজাৰ ৪৫৪ জন ক’ভিড ৰোগী। আনহাতে ক’ভিড যুঁজত বিজয়ী হৈ সুস্থ হৈ উঠিছে ৩ লাখ ২ হাজাৰ ৫৪৪ জন লোক।

ইফালে শনিবাৰৰ দিনটোত দেশত ক’ভিডত নতুনকৈ আক্রান্ত হৈছিল ২ লাখ ৪০ হাজাৰ লোক। আনহাতে শনিবাৰৰ দিনটোত মৃত্যুৰ সংখ্যা দেওবাৰৰ তুলনাত কিছু কম আছিল। শনিবাৰে দেশত মৃত্যুৰ মুখত পৰিছিল ৩ হাজাৰ ৭৪১ জন ক’ভিড ৰোগী। দেশত ক’ভিডৰ ফলত মৃত্যুৰ হাৰ ১.১৩ শতাংশৰ বিপৰীতে সুস্থ হৈ উঠাৰ হাৰ হৈছে ৮৮ শতাংশতকৈও অধিক।

লগতে পঢ়ক : বিশিষ্ট চলচ্চিত্ৰ পৰিচালক দাৰা আহমেদৰ দেহাৱসান

উল্লেখ্য যে দেশত বিগত আঠ দিন ধৰি নতুনকৈ ক’ভিডত আক্রান্ত হোৱা লোকৰ সংখ্যা তিনি লাখৰ তলত আছে। প্ৰতিদিনে বিশ্বৰ ভিতৰত ৪০ শতাংশতকৈও অধিক ক’ভিড সংক্ৰমণ ভাৰতত হৈছে। মুঠ সংক্ৰমণৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বতে ভাৰতৰ স্থান দ্বিতীয় তথা আমেৰিকা আৰু ব্ৰাজিলৰ পিছতে সৰ্বাধিক ক’ভিড ৰোগীৰ মৃত্যু হৈছে ভাৰতত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply