নিউজ ডেস্কঃ দেশত পুনৰ বৃদ্ধি হৈছে কৰোণা ভাইৰাছৰ সংক্ৰমণ। ২৪ঘন্টাৰ ভিতৰত ২৩৮০টা কৰোণা ভাইৰাছত আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছে। ইয়াৰে ভিতৰত মৃত্যু হৈছে চাৰিজনৰ। দিল্লী, উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাত তীব্ৰগতিত বৃদ্ধি পাইছে কৰোণাৰ সংক্ৰমণ। দিল্লীত ২৪ঘন্টাৰ ভিতৰত কৰোণাত আক্ৰান্ত হৈছে ১০০৯জন, হাৰিয়ানাত ৩১০জন, উত্তৰ প্ৰদেশত ১৬৮জন।

দেশত কৰোনাৰ বৰ্ধিত ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি, পঞ্জাৱ চৰকাৰে জনবহুল স্থানত মাস্ক পিন্ধাটো বাধ্যতামূলক কৰিছে। ইয়াৰ পূৰ্বে, দিল্লী চৰকাৰে মাস্ক পৰিধান নকৰাৰ বাবে ৫০০ টকাৰ জৰিমনা বিহিছিল। হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ কেইবাখনো জিলাতো মাস্ক পিন্ধাটো বাধ্যতামূলক কৰা হৈছে।

লগতে পঢ়কঃকোভিড-১৯ৰ হ’টস্পটত পৰিণত আইআইটি মাদ্ৰাছা, আক্ৰান্ত ১২জন


অৱশ্যে, বিশেষজ্ঞসকলৰ মতে, পৰিস্থিতি ইমান ভয়ানক নহয়। আইচিএমআৰৰ এজন প্ৰাক্তন জ্যেষ্ঠ বিজ্ঞানী ড০ ৰমন গংগাখেড়কাৰে কয় যে দেশত বৰ্তমান শংকাৰ কোনো কাৰণ নাই। লগতে তেওঁ কয় যে এয়া কৰোনাৰ চতুৰ্থ ঢৌ নহয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply