নিউজ ডেস্ক: উচ্চতম ন্যায়ালয়ে আজি একেৰাহে চতুৰ্থ দিনৰ বাবে সমকামী বিবাহৰ আইনী স্বীকৃতি বিচৰা ২০ খন আবেদনৰ শুনানি ল’ব।

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে ১৩ জন আবেদনকাৰীক সমকামী বিবাহৰ সম্পৰ্কত তৰ্ক কৰিবলৈ অনুমতি দিছে। লগতে, মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে এই শুনানি ২৪ এপ্ৰিলৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব বুলি জনাইছে।

ছলিচিটৰ জেনেৰেল (এছজি) তুষাৰ মেহতাই গোচৰটোত কেন্দ্ৰক প্ৰতিনিধিত্ব কৰিছে। আনহাতে, সমকামী বিবাহৰ সপক্ষে আৱেদনসমূহ জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভি আৰু মুকুল ৰোহতগীকে ধৰি কেইবাজনো অধিবক্তা আছে।

বৃহস্পতিবাৰে শুনানিৰ তৃতীয় দিনা, ন্যায়ালয়ে সকলো পক্ষক সুধিছিল – বিবাহৰ বাবে দুটা পৃথক লিংগ সঙ্গী থকাটো প্ৰয়োজনীয় নেকি?

তৃতীয় দিনা, জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভি, কে ভি বিশ্বনাথন আৰু ৰাজু ৰামচন্দ্ৰন আবেদনকাৰীসকলৰ হৈ উপস্থিত হৈছিল।

উল্লেখযোগ্য যে, অধিবক্তা ৰাজু ৰামচন্দ্ৰনে কেন্দ্ৰৰ এক মন্তব্যক “অসংবেদনশীল” বুলি অভিহিত কৰে যে যিটো সমকামী বিবাহৰ বৈধতাক “অভিজাত শ্ৰেণীৰ চিন্তা” বুলি কোৱা হৈছিল। লগতে, বিশ্বনাথনে সুধিছিল যে, যিসকলে সন্তান জন্ম দিব নোৱাৰে তেওঁলোকক বিয়া কৰিবলৈ অনুমতি দিয়া নহয় নেকি।

লগতে পঢ়ক – ৪ বছৰৰ পিছত মুক্তি ছলমান খানৰ “কিচি কা ভাই কিচি কি জান”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply