এইবাৰ ক’ভিড-১৯ত আক্ৰান্ত হৈ এজনী মাইকী সিংহৰ মৃত্যু হয়। এই ঘটনা সংঘটিত হৈছে তামিলনাডুৰ এখন চিৰিয়াখানাত।

বৃহস্পতিবাৰে তামিলনাডুৰ বান্দালুৰস্থিত আৰিগনৰ আন্না চিৰিয়াখানাৰ নীলা নামৰ ৯ বছৰীয়া সিংহীজনীৰ ক’ভিডৰ ফলত মৃত্যু হোৱা বুলি চিৰিয়াখানা কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

লগতে পঢ়ক : চিকিৎসক আক্ৰমণ কাণ্ড : ৪ সপ্তাহৰ ভিতৰত প্ৰতিবেদন বিচাৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে

উক্ত সিংহীজনীৰ উপৰি চিৰিয়াখানাখনৰ আন ৯টা সিংহৰ শৰীৰতো ক’ভিড পজিটিভ পোৱা গৈছে।

বৰ্তমান ক’ভিডৰ লকডাউনৰ বাবে চিৰিয়াখানাখন বন্ধ কৰি থোৱা আছে।

উল্লেখযোগ্য যে অলপতে, হায়দৰাবাদস্থিত নেহৰু চিৰিয়াখানাতো ৮ টা সিংহৰ শৰীৰত ক’ভিড পজিটিভ পোৱা গৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply