এছিয়ান বক্সিং চেম্পিনশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিছে ছয় বাৰৰ বিশ্ব চেম্পিয়ন এম চি মেৰী কম। বৃহস্পতিবাৰে ডুবাইত আইবা এছিয়ান বক্সিং প্ৰতিযোগিতাৰ ৫১ কেজি শাখাত মেৰী কমে মংগোলিয়াৰ লুছেইখাঁ আলটানছটেগক ৪-১ ব্যৱধানত পৰাস্ত কৰে।

অৱশ্যে ভাৰতৰ আন এগৰাকী মহিলা বক্সাৰ মনিকা (৪৮ কেজি) কাজাখাস্তানৰ আলুৱা বাল্কিবেকোভাৰ ০-৫ ব্যৱধানত পৰাস্ত হ’বলগীয়া হয়।

লগতে পঢ়ক : ভাইৰেল ভিডিঅ’ৰ ৫ অভিযুক্তক বাংগালুৰুত গ্ৰেপ্তাৰ

বুধবাৰে, পুৰুষৰ কুৱাটাৰ ফাইনেলত ভাৰতৰ আসিশ কুমাৰ (৭৫ কেজি) এছিয়ান গেইমছৰ ৰূপৰ পদকপ্ৰাপ্ত কাজাখাস্তান আবিলখান আমনকুলৰ ২-৩ হাতত পৰাজয়বৰণ কৰে।

ইয়াৰ উপৰি পুৰুষৰ ৯১ কেজি শাখাত ভাৰতৰ নৰেন্দৰে কুৱাটাৰ ফাইনেলত কাজাখাস্তানৰ কমছিবেক কুনকাবায়েবৰ হাতত ০-৫ হাতত পৰাস্ত হয়। শুকুৰবাৰে, ভাৰতৰ অমিত পাংঘাল (৫২ কেজি), ৱৰিন্দৰ সিং (৬০ কেজি), শিৱ থাপা (৬৪ কেজি), বিকাশ কৃষণ (৬৯ কেজি) আৰু সংগীত (৯১ কেজি) পুৰুষৰ ছেমি ফাইনেলত অৱতীৰ্ণ হ’ব।

আৰু পঢ়ক : ভাইৰেল ভিডিঅ’ৰ ৫ অভিযুক্তক বাংগালুৰুত গ্ৰেপ্তাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply