নিউজ ডেস্কঃ পুনৰ ভয়াবহতাৰ ৰূপ লৈছে কভিড ১৯য়ে।

সমগ্ৰ দেশৰ লগতে উত্তৰ-পূৰ্বাঞ্চলতো কভিডৰ সংক্ৰমণ তীব্ৰ গতিত বৃদ্ধি পাইছে।

শুকুৰবাৰৰ পৰা মণিপুৰত বলবৎ কৰা হৈছে সান্ধ্য আইন।

নিশা ৮বজাৰ পৰা পুৱা ৪ বজালৈ নৈশ সান্ধ্য আইন জাৰি কৰা হৈছে ৰাজ্যখনত।

মুখ্য সচিব ড০ ৰাজেশ কুমাৰে জাৰি কৰা নিৰ্দেশ অনুসৰি, ৰাজ্যখনত কৰোনা ভাইৰাছত সংক্ৰমণৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে যাৰ বাবে আংশিক লকডাউন আৰু নৈশ কাৰ্ফিউ আৰোপ কৰে।

এই সময়খিনিত অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা বাহন , চিকিৎসালয়, ফাৰ্মাচী, অগ্নি নিৰ্বাপক সেৱা, বিদ্যুৎ যোগান আৰু কভিড ১৯ৰ সেৱাত নিয়োজিত থকা সকলো চৰকাৰী বিষয়াক ৰেহাই দিয়া হৈছে।

শুকুৰবাৰৰ দিনটোলৈকে মণিপুৰত নতুনকৈ কভিড ১৯ত আক্ৰান্ত হৈছে ৩১জন।

ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা ২৯,৬১০ জনলৈ বৃদ্ধি পাইছে।
ৰাজ্যখনত ৩৭৬ জন কভিড ৰোগীৰ মৃত্যু হৈছে।
ৰাজ্যখনত মুঠ ১,০২,৪৭০ জন লোকক কভিডৰ টিকাকৰণ কৰা হৈছে।

আনফালে, মেঘালয়ৰ পূব খাচী পাহাৰ জিলাত বলবৎ কৰা হৈছে নৈশ কাৰ্ফিউ। নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ জাৰি কৰা হৈছে ।
জিলা দণ্ডাধীশৰ নিৰ্দেশ অনুসৰি এই সময়খিনিত সকলো দোকান, প্ৰতিষ্ঠান, ৰেষ্টুৰেণ্ট আৰু বাৰ নিশা ৯ বজাৰ ভিতৰত বন্ধ কৰিব লাগিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply